NORTHEAST NOW (Assamese)

দক্ষিণ কোৰিয়াই কি ক’লে কিম জং উনক লৈ?

April 26, 2020 11:17 pm · এন ই নাও নিউজ
উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উন। ফটো: এ বি চি নিউজৰ সৌজন্যত

দক্ষিণ কোৰিয়াই কিম জং উন “জীৱিত আৰু সুস্থ” বুলি মন্তব্য কৰিছে।

উনৰ মৃত্যু হোৱা বুলি ইতিমধ্যে প্ৰকাশিত বাতৰিৰ বিপৰীতে চুবুৰীয়া দেশখনৰ এজন শীৰ্ষ পৰামৰ্শদাতাই চি এন এনত এই কথা প্ৰকাশ কৰিছে।

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে-ইনৰ বৈদেশিক নীতি পৰামৰ্শদাতা মুন চুং-ইনে কয়, “কিম জং উন জীৱিত আৰু সুস্থ। ১৩ এপ্ৰিলৰ পৰা তেওঁ ৱনছান অঞ্চলত আছে।”

উত্তৰ কোৰিয়াত মুক্ত সংবাদ পত্ৰ নাই আৰু একনায়ক উনৰ স্বাস্থ্যক লৈ শেহতীয়াকৈ বিশ্বৰ বিভিন্ন সংবাদ মাধ্যমে বিভিন্ন বাতৰি পৰিৱেশন কৰি আহিছে।

ইয়াৰ পূৰ্বে হংকং ছেটেলাইট টেলিভিছনৰ উদ্ধৃতিৰে প্ৰকাশিত এক বাতৰিত উত্তৰ কোৰিয়াৰ শাসকজনৰ মৃত্যু হোৱা বুলি কোৱা হৈছিল।

HKSTVৰ এগৰাকী শীৰ্ষ পদাধিকাৰীয়ে “খুব দৃঢ় সূত্ৰ”ৰ ভিত্তিত উনৰ মৃত্যু হোৱা বুলি দাবী কৰিছিল।

তেওঁ চীনা চ’চিয়েল মিডিয়া ৱেবছাইট ৱেইব’ত এই কথা প্ৰকাশ কৰিছিল।

শেহতীয়াকৈ চীনে তেওঁলোকৰ এটা চিকিৎসকৰ দল উত্তৰ কোৰিয়ালৈ প্ৰেৰণ কৰা বুলি বাতৰি ওলাইছিল।

কিমৰ স্বাস্থ্যক লৈ আমেৰিকাৰ আৰু দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমত দুই ধৰণৰ দাবী কৰা হৈছে।

আমেৰিকাৰ সংবাদ মাধ্যমত চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছিল যে কিম জং উন হয়তো ক’মাত আছে নহয় তেওঁ ব্ৰেইন ডেড হৈছে।

আনহাতে, দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমে লিখিছিল যে কিম জঙৰ হাৰ্ট চাৰ্জাৰি চলি আছিল যদিও তেওঁৰ স্বাস্থ্যৰ অৱনতি সম্পৰ্কত কোনো তথ্য নাই।

Related News