NORTHEAST NOW (Assamese)

কোভিডে কাঢ়ি নিলে জনপ্ৰিয় কণ্ঠশিল্পী এছ পি বালাসুব্ৰমণিয়মক, শোকস্তব্ধ দেশ

September 25, 2020 3:48 pm · এন ই নাও নিউজ
Updated: September 25, 2020 3:52 pm

কালান্তক কোভিডে কাঢ়ি নিলে জনপ্ৰিয় কণ্ঠশিল্পী এছ পি বালাসুব্ৰমনিয়মক।

কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হোৱা শিল্পী গৰাকীক ভৰ্তি কৰোৱা হৈছিল চেন্নাইৰ এম জি এম চিকিৎসালয়ত ।

যোৱা ৫ আগষ্টৰ পৰা  তেওঁ চিকিত্‍সাধীন হৈ আছিল। চিকিৎসকৰ সকলো চেষ্টা ব্যৰ্থ কৰি অৱশেষত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৪ বছৰ।

প্ৰায় ৪০ হাজাৰ গীতেৰে  সংগীতৰ ক্ষেত্ৰ খনক চহকী কৰি থৈ যোৱা বালাসুব্ৰমণিয়মৰ গীত সমূহ এটা সময়ত মানুহৰ মুখে মুখে আছিল।

বিগত কিছুদিন ধৰি স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল কণ্ঠশিল্পীগৰাকীৰ।চিকিৎসাসয়ৰ পৰাই তেওঁ  ভিডিঅ’ শ্বেয়াৰ কৰি নিজৰ শাৰীৰিক অৱস্থাৰ কথা গুণমুগ্ধক জনাইছিল।

ছটাকৈ ৰাষ্ট্ৰীয় বঁটা বিজয়ী কণ্ঠশিল্পীগৰাকী ২০০১ চনত পদ্মশ্ৰী আৰু ২০১১ চনত পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল।

‘কবুতৰ যা যা’,’বহুত প্যাৰ কৰতে হ্যে’, ‘পেহলা পেহলা প্যাৰ হ্যে’ আদি ৯০ ৰ দশকতে গোৱা তেওঁৰ গীত সমূহে ধুমুহাৰ সৃষ্টি কৰিছিল।

শিল্পী গৰাকীয়ে ‘মেইনে প্যাৰ কিয়া’ ছবিৰ বাবে গোৱা গীত বোৰে সকলোৰে মনত দোলা দি গৈছিল।

শিল্পীগৰাকীৰ মৃত্যুত এতিয়া শোক স্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ।

তেওঁৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি বিভিন্ন জনে গভীৰ শোক ব্যক্ত কৰিছে।

Related News