NORTHEAST NOW (Assamese)

ফিফা বিশ্বকাপঃ কোষ্টাৰিকাক ৭-০ গলৰ ব্যৱধানত পৰাজিত কৰি স্পেইনৰ বৃহৎ জয়

November 24, 2022 8:52 am · এন ই নাও নিউজ,গুৱাহাটী

কাটাৰত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপৰ তৃতীয় খন মেছত স্পেইনে কোষ্টাৰিকাক ৭-০ গলৰ ব্যৱধানত পৰাজিত কৰি বিজয়ৰ অভিযান আৰম্ভ কৰিলে।

কোষ্টাৰিকাৰ বিৰুদ্ধে স্পেইনৰ খেলৰ প্ৰথম দহ মিনিটৰ ভিতৰত তিনিটা গল কৰি ভেটি শক্তিশলী কৰে। খেল খনৰ ১১ মিনিটত অ’লমোৰে এটা গলে দিয়ে। খেলখনৰ ২১ মিনিটত মাৰ্কো এচেঞ্চিঅ’ই স্পেইনৰ হৈ দ্বিতীয়টো গল কৰে। কেপ্টেইন টৰেছে ৩১ মিনিটত পেনাল্টি স্পটৰ পৰা গল কৰিছিল।

৫৪ মিনিটত এচেঞ্চিঅ’ই তেওঁৰ দ্বিতীয় আৰু দলটোৰ চতুৰ্থটো গল কৰে। স্পেইনৰ আধিপত্যৰ মাজতে কোষ্টা ৰিকাৰ ফুটবলাৰসকলে কিছু বিক্ষিপ্ত প্ৰতি-আক্ৰমণ কৰিছিল। কিন্তু তেওঁলোকে গল কৰিবলৈ পৰিবেশ সৃষ্টি কৰিব নোৱাৰিলে। ৭৪ মিনিটত স্পেইনৰ হৈ গাবিয়ে পঞ্চমটো গল কৰে।

স্পেইনে ষষ্ঠ আৰু সপ্তম গল কৰে খেলৰ ৯০ মিনিটত ।কাৰচোল চোলে গ’লটো কৰে। আলভাৰো মোৰাতাই স্পেইনৰ সপ্তম গল কৰে। এনেদৰে প্ৰথম খেল খনতে স্পেইনে চমক সৃষ্টি কৰিবলৈ সক্ষম হয়।

Related News