NORTHEAST NOW (Assamese)
অসম

খিলঞ্জীয়াই গ্ৰহণ কৰিব নিবিচৰা কোনো কাৰ্যৰ সমৰ্থন মোৰ বিবেকে নকৰে : অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী

Posted by: এন ই নাও নিউজ January 9, 2019 5:03 pm
l_Hitendra-Nath-Goswami-1524730826

অৱশেষত আজি অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬’ সন্দৰ্ভত নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰে। আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে অধ্যক্ষগৰাকীয়ে কয় যে খিলঞ্জীয়া অসমীয়াসকলে গ্ৰহণ কৰিব নিবিচৰা কোনো কাৰ্যৰ সমৰ্থন মোৰ বিবেকে নকৰে।

বিজ্ঞপ্তিটোত অধ্যক্ষ গোস্বামীয়ে কয়,’’এজন নাগৰিক হিচাপে নিৰপেক্ষ দৃষ্টিৰে মই জনাব বিচাৰো যে অসমবাসীৰ সংহতি আৰু সম্প্ৰীতি বিনষ্ট কৰিব পৰা আৰু খিলঞ্জীয়া অসমীয়াসকলে গ্ৰহণ কৰিব নিবিচৰা কোনো কাৰ্যৰ সমৰ্থন মোৰ বিবেকে নকৰে।‘’

9bc7a9ab-ce5c-4da0-bb6a-6e8a3cf9008c
অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ প্ৰেছ বিজ্ঞপ্তিখন।

অধ্যক্ষ গোস্বামীয়ে নিজৰ সাংবিধানিক তথা নৈতিক দায়িত্বৰ কথা উল্লেখ কৰি কয়, ‘’অসম বিধানসভাই সৰ্বসন্মতিক্ৰমে অধ্যক্ষ পদত নিৰ্বাচিত কৰাৰ পাছত নীতিগতভাৱে সক্ৰিয় ৰাজনীতিৰ পৰা আৰু লগতে বিধায়ক হিচাপে মই প্ৰতিনিধিত্ব কৰা দলটোৰ দলীয় কামকাজৰ পৰা নিজকে নিলগত ৰাখি নিৰপেক্ষভাৱে বিধানসভাৰ অধ্যক্ষৰ সাংবিধানিক দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ যত্ন কৰিছো।‘’

তেওঁ লগতে কয়, ‘’বিধিগতভাৱে কোনো এক আইন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত অধ্যক্ষৰূপে মোৰ প্ৰতিকূল মন্তব্য প্ৰকাশ কৰাৰ অৱকাশ নাথাকে। তথাপি মই ভাৱো যে অসমৰ ৰাইজক আশ্বস্ত নকৰাকৈ খৰখেদা পদক্ষেপেৰে নাগৰিকত্ব আইনখন লোকসভাই গৃহীত কৰাৰ ফলত যি অস্থিৰতাৰ বৰ্তমানে সৃষ্টি হৈছে সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি অসমক ভালপোৱা সকলে প্ৰকাশ কৰা মতামতক শ্ৰদ্ধাসহকাৰে লৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ পৰিস্থিতি প্ৰশমিত কৰাৰ বাবে আৱশ্যকীয় ব্যৱস্থা শীঘ্ৰেই গ্ৰহণ কৰিব।‘’

শেহত অধ্যক্ষ গোস্বামীয়ে আন্তৰিকতাৰে আশা প্ৰকাশ কৰে যে ‘’বৰ্তমানে সৰ্বজনস্বীকৃত অসম চুক্তিৰ আধাৰত খিলঞ্জীয়াসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বলিষ্ঠ সিদ্ধান্তৰে অতি শীঘ্ৰে স্পষ্ট বিধিগত ব্যৱস্থা গ্ৰহণ কৰি অসমবাসীৰ দীৰ্ঘদিনীয়া আশংকা আৰু সংশয় নিৰসন কৰাৰ ব্যৱস্থা লৈ অসমবাসীক আশ্বস্ত কৰিব আৰু এইক্ষেত্ৰত এক পানী নসৰকা ব্যৱস্থা উদ্ভাৱনৰ বাবে অসমপ্ৰেমী প্ৰতিজনেও নিজৰ দায়িত্ব পালন কৰিব।‘’

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখনকলৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে কেইদিনমান পূৰ্বে বিষয়টো সম্পৰ্কে সাংবাদিকে অধ্যক্ষগৰাকীৰ মতামত বিচৰাত তেওঁৰ ক’বলগীয়াখিনি সময়ত প্ৰকাশ কৰিব বুলি জনাইছিল।