NORTHEAST NOW (Assamese)

অসমতো কৰা হ’ব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী(SIR), বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

August 9, 2025 8:56 pm · এন ই নাও নিউজ, গুৱাহাটী

সমগ্ৰ দেশত কৰা হব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী চমুকৈ SIR(Special Intensive Revision)সম্পৰ্কত জিলা নিৰ্বাচনী বিষয়ালৈ বিশেষ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কত ভাৰতীয় নিৰ্বাচন আয়োগে ১৫-২০ দিনৰ ভিতৰত সম্পূৰ্ণ সূচী ঘোষণা কৰিব। সেয়ে এই সম্পৰ্কত সকলো দিশত কাৰ্যকৰী কৰিবৰ বাবে সজাগ থাকিবলৈ জিলা নিৰ্বাচনী বিষয়াক নিৰ্দেশ মুখ্য নিৰ্বাচনী বিষয়াই।

জিলা নিৰ্বাচনী বিষয়াৰ বাবে কি কি নিৰ্দেশনা?

১. এইটো নিশ্চিত কৰিব যে ERO/AERO আৰু BLOসকল যাতে কৰ্মক্ষেত্ৰত থাকে।

২. নতুন ভোট কেন্দ্ৰৰ বাবে অতিৰিক্ত BLOসকলক বাছনি কৰিব থব লাগে। সমবিতৰণৰ প্ৰস্তাৱত নিৰ্বাচন আয়োগে অনুমোদন জনালে আৰু মুখ্য নিৰ্বাচনী বিষয়াই নিৰ্দেশ জাৰি কৰিলে যাতে নিযুক্তি দিব পৰা যায়।

৩. ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ সূচী ঘোষণাৰ পাছত নিৰ্বাচন বিভাগৰ নিৰ্বাচনী বিষয়া, নিৰ্বাচনী কৰ্মচাৰী আৰু ডাটা এণ্ট্ৰী অপাৰেটৰক কোনো অতিৰিক্ত দায়িত্ব দিয়া উচিত নহব।

৪. BTCৰ নিৰ্বাচনৰ কামত জিলা নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী কৰ্মচাৰীক ব্যৱহাৰ  নকৰিব। BTCৰ নিৰ্বাচনৰ বাবে জিলা নিৰ্বাচনী বিষয়াই এইক্ষেত্ৰত বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব।

৫. ব্যাপক সংশোধনীৰ পিছত ২০০৫ৰ চূড়ান্ত ভোটাৰ তালিকা ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছে। সেই কথা সকলো স্বীকৃতিপ্ৰাপ্ত সকলো ৰাজনৈতিক দল আৰু জিলা নিৰ্বাচনী বিষয়াক অৱগত কৰা হৈছে।

৬. আমাৰ তৰফৰ পৰা ডিষ্ট্ৰিক্ট কনটেক্ট চেণ্টাৰসমূহ কাৰ্যক্ষম কৰি তোলা হব। প্ৰতি দিনে NGSP পৰ্টেলত ডিজিটাইজ কৰা আৰু ফোনকল ৰিছিভ কৰাৰ বাবে কৰ্মচাৰী বাছনি কৰি থবলৈ অনুৰোধ জনোৱা হল। এই কামৰ বাবে অতিৰিক্ত কোনো ধন যোগান ধৰা নহব।

Related News