NORTHEAST NOW (Assamese)

যাত্ৰীৰ বাবে সুখবৰ; গুৱাহাটী আৰু চেন্নাইৰ মাজত চলিব বিশেষ ৰেইল

March 8, 2020 10:59 am · এন ই নাও নিউজ

গুৱাহাটীৰ পৰা চেন্নাই আৰু চেন্নাইৰ পৰা গুৱাহাটীলৈ বিশেষ ৰেইল চলাচলৰ ব্যৱস্থা কৰিছে উত্তৰ পূৱ সীমান্ত ৰে’লৱেই।

টুইটাৰ যোগে এই কথা জনাইছে উত্তৰ পূৱ সীমান্ত ৰে’লৱেই।

গুৱাহাটী আৰু চেন্নাইৰ মাজৰ বৰ্দ্ধিত যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ ৰেইলৰ ব্যৱস্থা কৰিছে উঃপূঃ ৰে’লৱেই।

আহা ১১ মাৰ্চ ২০২০ পৰা ১ এপ্ৰিল ২০২০লৈ গুৱাহাটীৰ পৰা চেন্নাইলৈ চলাচল কৰিব ০৬৩৩৭ নম্বৰৰ ৰেইলখন।

আনহাতে ৯ মাৰ্চ ২০২০ পৰা ৩০ মাৰ্চলৈ চেন্নাইৰ পৰা গুৱাহাটী অভিমুখে আহিব ০৬৩৩৮ নম্বৰৰ ৰেইলগড়ীখন।

ৰে’লৱে সূত্ৰত প্ৰকাশ যে উজনিমুৱা আৰু নামনিমুৱা চাৰিটা ট্ৰীপৰ বাবে চলাচল কৰিব এই বিশেষ ৰেইল।

গুৱাহাটীৰ পৰা বুধবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে আৰু চেন্নাইৰ পৰা বুধবাৰ, মঙলবাৰ আৰু সোমবাৰে চলাচল কৰিব এই বিশেষ ৰেইল।

২২ টা দবা সংগলগ্ন হৈ থাকিবলগীয়া এই ৰেইলত এচি-২ টায়াৰ এটা, এচি-৩ টায়াৰ দুটা, শ্লিপাৰ ক্লাছ চৈধ্যটা আৰু সাধাৰণ দ্বিতীয় শ্ৰেণীৰ তিনিটা আৰু এছএলাৰ/ডিৰ দুটা দবা থাকিব।

Related News