NORTHEAST NOW (Assamese)

ৰাজধানীত ভয়ংকৰ ঘটনা! অভিজাত মাৰ্চিডিজে মহতিয়াই থৈ গ’ল শুই থকা ফুটপাথৰ আৱাসীক

November 30, 2025 1:39 pm · এন ই নাও নিউজ, গুৱাহাটী

আন দিনৰ দৰে শনিবাৰেও তেওঁলোকে ৰাতিটো কটাবলৈ ফুটপাথটোকে বাছি লৈছিল। তাতেই এক মৰ্মান্তিক দুৰ্ঘটনাৰ বলি হ’ল একাংশ আৱাসী। তীব্ৰবেগী এখন মাৰ্চিডিজ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই ফুটপাথত উঠিল। তাত শুই আছিল কেইজনমান গৃহহীন আৱাসী। গাড়ীৰ চকাৰ চেপাত কমেও এজনৰ মৃত্যু হোৱাৰ লগতে দুজন আহত হয়।

দিল্লীৰ বসন্ত কুঞ্জ অঞ্চলত নিশা সংঘটিত হয় এই কৰুণ ঘটনা। মাৰ্চিডিজ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এম্বিয়েন্স মলৰ সমীপৰ ফুটপাথত উঠি গ’ল। এই ঘটনাই দিল্লীৰ অভিজাত এলেকাটোত যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছে।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, মাৰ্চিডিজ গাড়ীখন তীব্ৰ বেগেৰে চলিছিল। ইয়াৰ পৰাই বুজা গৈছিল যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বে চালকজনে নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ হাবুডুবু খাইছিল।

ইয়াৰ পিছত এম্বিয়েঞ্চ মলৰ ওচৰৰ ৰাস্তাটো পাৰ হৈ ফুটপাথেৰে চলিল। গাড়ীখন চলি থাকিল, শুই থকা পথচাৰীসকলক ইজনৰ পিছত সিজনকৈ খুন্দা মাৰিলে। ইয়াৰ ফলত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

এজন আৱাসীৰ মৃত্যুৰ উপৰিও আন দুজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক জৰুৰী চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে, আৰক্ষীয়ে মাৰ্চিডিজ চালকজনক গ্ৰেপ্তাৰ কৰিছে। অসাৱধানতাৰে গাড়ী চলোৱা আৰু অৱহেলাৰ অভিযোগত তদন্ত আৰম্ভ হৈছে। গাড়ীখনৰ পঞ্জীয়ন হিমাচল প্ৰদেশত। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত চালকজনে সুৰাপান বা ড্ৰাগছ সেৱন কৰি আছিল নেকি সেই বিষয়েও তদন্ত অব্যাহত আছে।

Related News