NORTHEAST NOW (Assamese)
অসম

বোকাখাতত ট্ৰাকে মহতিয়াই নিলে পথৰ দোকান; এজন নিহত

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 27, 2019 12:51 pm

বোকাখাতৰ ৰজাবাৰীত আজি সংঘৰ্টিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰোৱাব লগীয়া হয়।

আজি পুৱাৰ ভাগতে সংঘটিত দুৰ্ঘটনাটোত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে অহা এন এল, ০১ কিউ, ৯২৩৫ নম্বৰৰ এখন কণ্টেনাৰ ট্ৰাকে নিয়ন্ত্ৰণ হেৰোৱাই পথৰ কাষৰ কেইবাখনো দোকান মহতিয়াই নিয়ে। ট্ৰাকখনৰ চালকে নিয়ন্ত্ৰণ হেৰোৱাৰ বাবেই ঘটনাটো হ’বলৈ পায় ৷

আনহাতে উক্ত সময়ত দোকানৰ সন্মুখত ৰৈ থকা তিনিজন যুৱককো ট্ৰাকখনে মহতিয়াই নিয়ে। ফলত এজন যুৱকৰ  থিতাতে মৃত্যু হয়। নিহত যুৱকজনক অংকুৰ দাস বুলি চিনাক্ত কৰা হৈছে ।

দুৰ্ঘটনাৰ পিছতে স্থানীয় উত্তেজিত লোক ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকৰ চালক আৰু হেণ্ডিমেনক উত্তম-মধ্যম শোধায়।