NORTHEAST NOW (Assamese)

পৰম্পৰাগত খেল ধেমালিৰে জীপাল হৈ পৰিল ১০৫ নং বাৰুণীতাৰা প্ৰাথমিক বিদ্যালয়ৰ বাকৰি

December 31, 2021 1:51 pm · তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
Updated: December 31, 2021 1:53 pm

পশ্চিম অসমৰ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত বাৰুণীতাৰা বতৰদল গাওঁ পঞ্চায়তৰ বিৰ্ষামুণ্ডা ষ্টেডিয়ামৰ ওচৰত থকা ১০৫ নং বাৰুণীতাৰা দ্বিতীয় খণ্ড উন্নতিকৃত নিম্ন প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত বছৰেকীয়া নানা বিষয়ৰ লগতে বিভিন্ন ধৰণৰ আমোদজনক খেলধেমালি অনুষ্ঠিত কৰা হয়।

প্ৰধান শিক্ষক পুছপেশ্বৰ হৰো , সহ শিক্ষক প্ৰসেনজিৎ কলিতা , পুৰেন ৰায় আৰু সুভাষ চন্দ্ৰ ৰায়ৰ উপস্থিতি তথা তেওঁলোকৰ প্ৰেৰণাত অনুষ্ঠিত প্ৰতিযোগিতা সমূহত বিদ্যালয় খনৰ বহু ছাত্ৰ ছাত্ৰী অংশ গ্ৰহণ কৰি আনন্দ লাভ কৰা দেখা যায়।

বিশেষ কৈ খেল ধেমালি সমূহৰ ভিতৰত পানীত পাৰত , কুকুৰা যুঁজ , মেজিক চেয়াৰ , টেকেলি ভঙা আদি প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলৰ আত্মহাৰা হৈ গৈছিল।

চাহ বাগিচাৰ কাষত মায়াময় সেউজীয়া পৰিবেশ তথা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ পৰিবেশৰ মাজত অৱস্থিত এই স্কুল খনৰ বাৰ্ষিক অনুষ্ঠান যোৱা চাৰি দিন ধৰি চলি আছে বুলি প্ৰধান শিক্ষক পুষপেশ্বৰ হৰোই অৱগত কৰিছে।

Related News