NORTHEAST NOW (Assamese)
অসম

আকৌ খাদত পৰিল ব্ৰিজভূষণ! ভাৰতীয় মল্লযুঁজ সন্থাৰ নতুন সমিতি নিলম্বন কৰিলে ক্ৰীড়া মন্ত্ৰালয়ে

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী December 24, 2023 1:16 pm

নিৰ্বাচনৰ জৰিয়তে ভাৰতীয় মল্লযুঁজ সন্থাৰ নতুন সমিতিখন গঠন কৰা হৈছিল। সেই সমিতিখন কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে নিলম্বন কৰিছে।

বিদায়ী সভাপতি ব্রিজভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সঞ্জয় সিঙৰ অধ্যক্ষতাত ভাৰতীয় মল্লযুঁজ সন্থাৰ এখন নতুন সমিতি গঠন কৰা হৈছিল৷

কিন্তু এই সিদ্ধান্তৰ পিছত ক্ষুব্ধ হৈ পৰে ভাৰতীয় মল্লযুঁজাৰুসকল। সাক্ষী মালিকে মল্লযুঁজ এৰি দিয়াৰ সিদ্ধান্ত লয়।

লগতে পঢ়কঃ তিনিচুকীয়াত আৰক্ষীৰ গুলীত আহত তিনিজন সন্দেহযুক্ত আলফা-স্বাধীনৰ লিংকমেন

আন এগৰাকী ভাৰতীয় মল্লযুঁজাৰু বজৰং পুনিয়াই পদ্মশ্ৰী ঘূৰাই দিয়াৰ সিদ্ধান্ত লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো সাক্ষাৎ কৰিবলৈ গৈছিল পুনিয়াই। অৱশ্যে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ নাপালে।

নিৰ্বাচিত হোৱাৰ পিছত সঞ্জয় সিঙে ৰাষ্ট্ৰীয় ১৫ বছৰ অনুৰ্ধ আৰু ২০ বছৰ অনুৰ্ধ পৰ্যায়ৰ প্ৰতিযোগিতাৰ ঘোষণা কৰে। তেওঁ জনায়, এই প্ৰতিযোগিতা উত্তৰ প্ৰদেশৰ গোণ্ডাত অনুষ্ঠিত হ’ব।

লগতে পঢ়কঃ ৰোহিতৰ দৰেই ‘অপমানিত’ হব নেকি ধোনী! ডাঙৰ আপডেট, মুখ খুলিলে CSKৰ CEO-ই

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ে এই সিদ্ধান্ত পৰিকল্পনা অবিহনে লোৱা বুলি বিবেচনা কৰিছে। সঞ্জয় সিঙে কোনো নিয়ম মানি চলা নাছিল। সেই কাৰণতে ক্ৰীড়া মন্ত্ৰালয়ে নতুন সমিতিখন নিলম্বন কৰাৰ সিদ্ধান্ত লয়।