• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰোহিতৰ দৰেই ‘অপমানিত’ হব নেকি ধোনী! ডাঙৰ আপডেট, মুখ খুলিলে CSKৰ CEO-ই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2023 10:08 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰোহিত শৰ্মাৰ দৰে অধিনায়কত্বৰ পৰা অপসাৰণ নহয়। চেন্নাই ছুপাৰ কিংছ  ফ্ৰেঞ্চাইজিয়ে দলটোৰ আই পি এলৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ভৱিষ্যৎ নিজৰ হাতত এৰি দিছে। মুম্বাই ইণ্ডিয়ানছে অধিনায়ক পদৰ পৰা আঁতৰাই দিছে ৰোহিতক। অৱশ্যে চি এছ কেয়ে নিজৰ অধিনায়কৰ সন্দৰ্ভত সেই পথ অনুসৰণ কৰিবলৈ অনিচ্ছুক। এই সন্দৰ্ভত সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত চি এছ কে কৰ্তা তথা মুখ্য কাৰ্যবাহী বিষয়া কাশী বিশ্বনাথনে স্পষ্ট কৰি দিয়ে।

আই পি এল ২০২৪লৈ এতিয়াও কেইমাহমান বাকী। নিলাম শেষ হ’ল মাত্ৰ। বিশ্বনাথনক সোধা হৈছিল, চেন্নাই আৰু আই পি এলত এইটোৱেই হ’ব নেকি ধোনীৰ শেষ ছিজন? ইয়াৰ উত্তৰত বিশ্বনাথনে ধোনীৰ ক’ৰ্টত বলটো ঠেলি দিয়ে।

চেন্নাইত অনুষ্ঠিত জুনিয়ৰ ছুপাৰ কিংছ ইভেণ্টৰ মুকলি সভাত তেওঁ কয়, “মই সেইটো নাজানো। চাওক, এই বিষয়ে আপোনালোকে অধিনায়কৰ পৰাই পোনপটীয়াকৈ জানি লব পাৰে। তেওঁ কি কৰিবলৈ ওলাইছে সেয়া আমাৰ লগত আলোচনা নকৰে।‘’

Apply Now

ধোনীৰ ফিটনেছৰ সম্পৰ্কত বিশ্বনাথনে কয়, ‘তেওঁতো বেছ ফিট ৷ ফিটনেছ লেভেল বৃদ্ধি কৰিবলৈ জিমলৈ গৈছে। হয়তো আৰু ১০ দিনৰ পাছত নেটতো নামিব।”

লগতে পঢ়কঃ বেংকত পৰি আছে দাবীহীন ৪২,২৭০ কোটি টকা; চাই লওক আপোনাৰো আছে নেকি!

চলিত বৰ্ষৰ আৰম্ভণিতে চেন্নাই ছুপাৰ কিংছক পঞ্চমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰাত সহায় কৰাৰ পিছত জুন মাহত মুম্বাইৰ এখন চিকিৎসালয়ত বাওঁ আঁঠুৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হয় ধোনীৰ। বিশ্বনাথনে কয় যে অহা বছৰৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা চেন্নাইত চি এছ কেৰ প্ৰস্তুতি আৰম্ভ হ’ব।

অহা বছৰ লোকসভা নিৰ্বাচন। আন কোনো দেশত IPL অনুষ্ঠিত কৰিব পাৰে। তেনেকুৱাই শুনা গৈছে। চি এছ কেৰ মুৰব্বীগৰাকীক সেই বিষয়ে সোধাত তেওঁ কয়, “মই এতিয়াও এই বিষয়ে একো নাজানো।ফ্ৰেঞ্চাইজিক এতিয়াও অৱগত কৰা হোৱা নাই। নিলামৰ সময়ত মাথোঁ কোৱা হৈছিল ভাৰতত খেলিবলৈ সাজু হোৱা। সেইটোৱেই শুনিলোঁ। আন দেশত কিছুমান মেচ অনুষ্ঠিত হ’ব নেকি নাজানো।”

শেহতীয়াকৈ সমাপ্ত হোৱা আই পি এলৰ নিলামত চি এছ কেই ছয়গৰাকী খেলুৱৈ লৈছে – শাৰ্দুল ঠাকুৰ (৪ কোটি টকা), ৰাচিন ৰবীন্দ্ৰ (১.৮ কোটি টকা), ডেৰিল মিচেল (১৪ কোটি টকা), সমীৰ ৰিজৱী (৮.৪ কোটি টকা), মুস্তাফিজুৰ ৰহমান (২ কোটি টকা) আৰু অভনীশ ৰাও আৰেভেলী (২০ লাখ টকা)।

লগতে পঢ়কঃ মাইক্ৰ’ছফটে আৰু ‘ছাপোৰ্ট’ নকৰিব উইণ্ড’জ ১০; আৱৰ্জনাত পৰিণত হ’ব ২৪ কোটি কম্পিউটাৰ!

এই সন্দৰ্ভত হালধীয়া ব্ৰিগেডৰ নেতাগৰাকীয়ে কয়,“ আমি এটা লক্ষ্য লৈ আগবাঢ়িছিলোঁ। সেয়া পূৰণ হৈছে। আমি ডেৰিল মিচেলক বিচাৰিছিলো। আমাৰ চিপেকৰ উইকেটত চাইড বাউণ্ডেৰীৰ বাবে মুস্তাফিজুৰ ৰহমানক বিচাৰিছিল। সেই অনুসৰি পাইছো। পাম নে নাপাম চিন্তিত হৈ পৰিছিলো। কিন্তু, শেষত আমি বিচৰা সকলোখিনি পালোঁ। হয়তো, এইটোৱেই আছিল আমাৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ নিলাম।‘’

উদীয়মান প্ৰতিভা সমীৰ ৰিজৱীক লৈ কাশী বিশ্বনাথনে কয়, “সমীৰ ৰিজৱীক বহুতে বিচাৰিছিল। আমাৰ ভাগ্য ভাল ৰিজভিক পালো। আমি আচলতে বিচাৰিছিলো অম্বতি ৰায়ুডুৰ ঠাইত কোনোবা এজনক। আমাৰ সেই ধৰণৰ অভিজ্ঞতা থকা খেলুৱৈ নাছিল। গতিকে, প্ৰতিশ্ৰুতিসম্পন্ন কোনোবা এজনক বাছি লোৱাৰ কথা ভাবিলোঁ। যোৱা বছৰ আমি পাইছিলোঁ শইক ৰছিদ, নিশান্ত সিন্ধু আৰু ৰাজবৰ্ধন হাংগেকাৰক। আমি আচলতে ভৱিষ্যতৰ বাবেও দল গঢ়ি তুলিবলৈ চেষ্টা কৰিছো। পিছত আমাৰ বাবে উপযোগী হ’ব।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd