NORTHEAST NOW (Assamese)

টকিঅ’ অলিম্পিক ২০২১ : ১০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনত ব্যৰ্থ অসম কন্যা হিমা দাস

March 17, 2021 1:09 pm · এন ই নাও নিউজ
Updated: March 17, 2021 1:13 pm

টকিঅ’ অলিম্পিক ২০২১ৰ ১০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনত ব্যৰ্থ হৈছে অসমৰ তাৰকা দৌৰবিদ হিমা দাস।

পাটিয়ালাৰ ছাই কেন্দ্ৰত অনুষ্ঠিত ফেডাৰেশ্যন কাপ প্ৰতিযোগিতাত ‘ফলছ ষ্টাৰ্ট’ কৰাৰ বাবে ১০০ মিটাৰ ইভেণ্টত সফল নহ’ল হিমা দাস।

অৱশ্যে এতিয়াও টকিঅ’ অলিম্পিক ২০২১লৈ যোগ্যতা অৰ্জনৰ বাট স্তব্ধ হৈ যোৱা নাই হিমা দাসৰ।

তাৰকা এথলিটগৰাকী ২০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনৰ বাবে পুনৰ ছিন্থেটিক ট্ৰেকত অৱতীৰ্ণ হ’ব। আৰু ইয়াত নিৰ্ধাৰিত সময়ত দৌৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’লেই টকিঅ’ অলিম্পিক ২০২১লৈ যোগ্যতা অৰ্জন কৰিব হিমা দাসে।

উল্লেখযোগ্য যে ২০১৮ বৰ্ষৰ অদম্য প্ৰদৰ্শনৰ পিছতে হিমা দাসে অলিম্পিকত অৱতীৰ্ণ হোৱাৰ লক্ষ্য স্থিৰ কৰি লৈছিল। আৰু অনুৰাগীসকলেও হিমা দাসক টকিঅ’ অলিম্পিকত দুৰ্দান্ত প্ৰদৰ্শনেৰে পদক জয়ী কৰিব আশা কৰি আহিছে।

স্মৰ্তব্য যে হিমা দাসে ২০১৮ চনৰ ফিনলেণ্ডৰ ২০ বছৰৰ অনুৰ্ধ্ব বিশ্ব এথলেটিকছত স্বৰ্ণপদক পোৱাৰ উপৰি ২০১৮ চনৰে জাকাৰ্টা এছিয়ান গেমছত দলগতভাৱে দুটা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক লাভ কৰিছিল।

Related News