NORTHEAST NOW (Assamese)

এইখন দেশে ভাৰতীয়ক প্ৰদান কৰিছে বিনামূলীয়া ভিছা, সস্তাতেই কৰিব পাৰিব বিদেশ ভ্ৰমণ

October 24, 2023 5:02 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰথমবাৰৰ বাবে বহিঃৰাজ্য ভ্ৰমণ কৰা লোকসকলে, বেছিভাগ সময়তে, দেশখন ভাৰতৰ ওচৰত হোৱাটো বিচাৰে। দ্বিতীয়তে, ভাৰতীয় মুদ্ৰা সেই দেশৰ মুদ্ৰাতকৈ শক্তিশালী হোৱাতো বিচাৰে, যাতে কম টকাৰে অধিক মজা কৰিব পৰা যায়।

ভিছাও গুৰুত্বপূৰ্ণ। বহু দেশৰ বাবে আগতীয়াকৈ ভিছাৰ আবেদন কৰিব লাগে। বিশ্বৰ বহু দেশত ভাৰতীয়ই ভিছা পাবলৈ বেলেগে ধন দিব লগা হয়।

শ্ৰীলংকাই দ্বিপাক্ষিক সম্পৰ্কৰ বিকাশ আৰু দেশৰ পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মঙলবাৰে শ্ৰীলংকাৰ কেবিনেটে ভাৰতীয়ক বিনামূলীয়া ভিছা প্ৰদানৰ সিদ্ধান্তত অনুমোদন জনায়। ভাৰতৰ উপৰি চীন, ৰাছিয়া, মালয়েছিয়া, জাপান, ইণ্ডোনেছিয়া আৰু থাইলেণ্ডৰ বাসিন্দাকো এই সুবিধা প্ৰদান কৰা হ’ব।

এতিয়ালৈকে এই বিনামূলীয়া ভিছা আঁচনিখন শ্ৰীলংকাই পাইলট প্ৰজেক্ট হিচাপে ৰূপায়ণ কৰি আছে।
শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী ছাব্ৰিয়ে ছ’চিয়েল মিডিয়াত কয় যে এই পাইলট প্ৰজেক্ট ২০২৪ চনৰ ৩১ মাৰ্চলৈকে চলি থাকিব। আলী ছাব্ৰিয়ে এক্স হেণ্ডলত লিখিছে, “পাইলট আঁচনি হিচাপে ভাৰত, চীন, ৰাছিয়া, মালয়েছিয়া, জাপান, ইণ্ডোনেছিয়া আৰু থাইলেণ্ডক তৎক্ষণাত ৩১ মাৰ্চলৈকে বিনামূলীয়া ভিছা প্ৰদানৰ সিদ্ধান্তত মন্ত্ৰীসভাই অনুমোদন জনাইছে।”
ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰীয়ে কয় যে শ্ৰীলংকাৰ বৈদেশিক নীতিৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ। আজিৰ এই সিদ্ধান্তৰ ফলস্বৰূপে এই দেশসমূহৰ পৰা অহা পৰ্যটকে এতিয়া বিনামূলীয়া শ্ৰীলংকাৰ ভিছা লাভ কৰিব।

দৰাচলতে শ্ৰীলংকাৰ অৰ্থনীতিৰ আন এক চালক হৈছে পৰ্যটন। আৰু শ্ৰীলংকাৰ পৰ্যটনৰ অন্যতম মূল উৎস হৈছে ভাৰতীয় পৰ্যটক। যোৱা ছেপ্টেম্বৰ মাহত মুঠ ৩০ হাজাৰ ভাৰতীয় পৰ্যটকে শ্ৰীলংকা ভ্ৰমণ কৰিছিল, যিটো দেশখনৰ মুঠ পৰ্যটকৰ ২৬ শতাংশ।

Related News