NORTHEAST NOW (Assamese)

দেশত কমিছে নাৰিকলৰ উৎপাদন, সেয়ে নাৰিকলৰ গছত উঠি ভাষণ দিলে এগৰাকী মন্ত্ৰীয়ে

September 19, 2020 6:01 pm · এন ই নাও নিউজ
Updated: September 19, 2020 6:03 pm

নাৰিকল উৎপাদনৰ বাবে বিখ্যাত দেশ খনত  এতিয়া লক্ষ্যণীয় ভাবে হ্ৰাস পাইছে নাৰিকলৰ উৎপাদন ।

এই কথাত চিন্তিত দেশ খনৰ নাৰিকল উন্নয়ন দপ্তৰৰ মন্ত্ৰী গৰাকী।

দেশবাসীক নাৰিকল উৎপাদনৰ মাত্ৰা হ্ৰাস পোৱাৰ কথা বুজাবলৈ এইবাৰ নিজেই নাৰিকল গছ  বগাই গ’ল মন্ত্ৰী মহোদয়।

মন্ত্ৰী যদিও গছ বগোৱাৰ অভ্যাস আছে তেওঁৰ।

গছ বগোৱাত পাকৈত লোকৰ দৰেই তেওঁ উঠি গ’ল নাৰিকল গছত।

গছৰ প্ৰায় আগ পোৱাৰ পিছতএইবাৰ মন্ত্ৰী মহোদয়ে আৰম্ভ কৰিলে তেওঁৰ ভাষণ।

দেশত কিয় নাৰিকলৰ উৎপাদন কমিছে সেয়া তেওঁ ভাষণত এপিনৰ পৰা কৈ গ’ল।

তেওঁ ক’লে যে দেশকত এতিয়া  প্ৰায় ৭০০ নিযুত নাৰিকলৰ উৎপাদন কমিছে।

ফলত বিদেশলৈ নাৰিকল ৰপ্তানিৰ ক্ষেত্ৰত বাধা আহি পৰিছে। দেশৰ উদ্যোগ সমূহত ব্যাপক হাৰত নাৰিকল ব্যৱহাৰ হোৱাৰ লগতে দেশখনৰ বাসিন্দা সকলে পূৰ্বতকৈ বেছি নাৰিকল খাবলৈ ধৰাৰ বাবেই চাহিদাতকৈ নাৰিকলৰ যোগান কমি যোৱা বুলিও তেওঁ কয়।

মন্ত্ৰীয়ে লগতে কয় যে নাৰিকলৰ উৎপাদন বঢ়াবলৈ আৰু অধিক মাটিত নাৰিকলৰ খেতি কৰিব লাগিব।

দেশত নাৰিকলৰ অভাৱ হোৱাৰ কথা হাতে কামে বুজাবলৈ নাৰিকল গছত উঠি ভাষণ দিয়া এই গৰাকী মন্ত্ৰী হৈছে শ্ৰীলংকাৰ নাৰিকল উন্নয়ন দপ্তৰৰ মন্ত্ৰী অৰুণডিকা ফাৰ্নাণ্ডো।

Related News