NORTHEAST NOW (Assamese)

দেশৰ প্ৰথমগৰাকী কে-পপ সংগীতশিল্পী ৰূপে স্বীকৃতি পালে উৰিষ্যাৰ যুৱতীয়ে

May 28, 2022 1:01 pm · এন ই নাও নিউজ, গুৱাহাটী

আপুনি বিটিএছ(BTS)-ৰ গান শুনেনে? অথবা কোৰিয়ান পপ মিউজিকৰ বিষয়ে জানেনে? বিশ্বব্যাপি কোৰিয়ান পপ মিউজিকৰ জনপ্ৰিয়তা আছে। অনুৰাগীসকলে এই সংগীতক চমুকৈ কে-পপ বুলি কয়।

ভাৰততো কে-পপৰ ভীষণ গুণমুগ্ধ আছে। সমান্তৰালভাৱে চলিছে ইয়াৰ চৰ্চা। শেহতীয়াকৈ উৰিষ্যাৰ এগৰাকী অষ্টাদশী যুৱতীয়ে কে-পপ পৰিৱেশন কৰি শিৰোনামা দখল কৰিছে। নাম তেওঁৰ শ্ৰিয়া লেংকা।

সংগীতবিধৰ প্ৰতি শ্ৰিয়াৰ আগ্ৰহলৈ লক্ষ্য কৰি তেওঁক সহযোগিতা কৰিবলৈ আগবাঢ়ি আহিছে কোৰিয়াৰ কে-পপ বেণ্ড ব্লেকশ্বান (Blackswan) আৰু ব্ৰাজিলৰ গেব্ৰিয়েলা ডালচিনে (Gabriela Dalcin)।

বেণ্ডটোৱে ইনষ্টাগ্ৰামযোগে জনাইছে যে শ্ৰিয়াক তেওঁলোকে বেণ্ডটোৰ এগৰাকী অংশগ্ৰহণকাৰী হিচাপে নিৰ্বাচিত কৰিছে। উল্লেখযোগ্য যে ২০২০ চনত কে-পপৰ জগতত ভূমুকি মৰা এই ছজনীয়া বেণ্ডটোৱে তীব্ৰ জনপ্ৰিয়তা লাভ কৰিছে।

আনহাতে, শ্ৰিয়াই কেৱল কে-পপেই নহয়, তেওঁ হিন্দুস্তানী ধ্ৰুপদী সংগীত আৰু অডিছিকে ধৰি কেইবাটাও নৃত্যশৈলীতো পাৰ্গত।

কিন্তু কে-পপৰ চৰ্চাত সফল হোৱা বাবেই কোৰিয়াৰ ৰাজধানী ছিউলৰ বেণ্ডটোৱে এটা অডিছনৰ যোগেৰে তেওঁক নিৰ্বাচিত কৰিছে।

অতি সোনকালে ভাৰতৰ প্ৰথমগৰাকী কে-পপ সংগীতশিল্পী হিচাপে জ্বিলিকি উঠিব শ্ৰিয়া লেংকা।

Related News