NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত ষ্টেটিক ছাৰ্ভিলেঞ্চ দলৰ অভিযানত জব্দ লাখে লাখে টকা

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন March 10, 2021 4:55 pm
a gola

আগন্তুক বিধান সভা নিৰ্বাচন ২৯২১ ৰ প্ৰতি লক্ষ্য ৰাখি ষ্টেটিক ছাৰ্ভিলেঞ্চ দলে অব্যাহত ৰাখিছে তালাচী অভিযান।

তালাচীৰ সময়তে আজি গোলাঘাটৰ দহমাইল খুটি অঞ্চলত উদ্ধাৰ হৈছে এক লাখ পঞ্চলিছ হাজাৰ ধনৰাশি।

গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী চকীৰ অধীনৰ দহমাইল খুঁটিত আজি গোলাঘাট নিৰ্বাচনী বিভাগৰ দ্বাৰা নিয়োজিত ষ্টেটিক ছাৰ্ভিলেঞ্চ দলে এখন চাৰিচকীয়া বাহনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় এই বিশাল ধনৰাশি।

সন্দেহ কৰা মতে নিৰ্বাচনকেন্দ্ৰিক কোনো কামৰ বাবেই উক্ত টকাখিনি লৈ যোৱা হৈছিল । ইপিনে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো জব্দ হৈছে বৃহৎ পৰিমাণৰ ধনৰাশি।

যোৱা দুদিনত বৃহৎ ৰাশি ধন জব্দ কৰা পিছতে পুনৰ আজি গোলাঘাটৰ ধনশিৰি দলঙৰ সমীপত উদ্ধাৰ হৈছে এক লাখ নবৈ হাজাৰকৈ টকা।

গোলাঘাট থানাৰ অধীনৰ ধনশিৰি দলঙৰ সমীপৰ পৰা গোলাঘাট নিৰ্বাচনী জিলাত নিয়োজিত ষ্টেটিক ছাৰ্ভিলেঞ্চ দল আৰু ফ্লায়িং স্কোৱাৰ্ডে এখন চাৰিচকীয়া বাহনৰ পৰা নগদ ১.৯০ লাখকৈ টকা জব্দ কৰে।

ত্ৰিপুৰাৰ পঞ্জীয়ন নম্বৰ থকা গাড়ীখন লাহৰিজানৰ পৰা গোলাঘাট অভিমুখে আহি আছিল।

নিৰ্বাচনৰ আগমূহুৰ্তত এনেদৰে ধন জব্দ হোৱা ঘটনাই এতিয়া গোলাঘাটত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গোলাঘাট আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান অব্যাহত ৰাখিছে।