গোৱালপাৰাৰ কৃষ্ণাই ছেইণ্ট জেভিয়াৰ্ছ স্কুলৰ প্ৰতিষ্ঠা দিৱস উদ্যাপন
গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ব্যক্তিগত শিক্ষানুষ্ঠান ছেইণ্ট জেভিয়াৰ্ছ স্কুলৰ ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।
বিদ্যালয়খনৰ অধ্যক্ষই সভাপতিত্ব কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দুধনৈ জৱাহাৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ মোঃ ৰিহনে।
জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে ভাষণত ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি দেশৰ সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰি তাৰ ওপৰত আলোকপাত কৰি অভিভাৱক-অভিভাৱিকাসকলক এইক্ষেত্ৰত সজাগ হবলৈ আহ্বান জনায়।
বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ লগতে একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থকা প্ৰতিষ্ঠা দিৱসৰ দিনা বিদ্যালয় কতৃপক্ষই বিদ্যালয়খনৰ কৃতী ছাত্ৰ-ছাত্ৰী সকলকো পুৰস্কৃত কৰে।
প্ৰতিষ্ঠা দিৱসত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে গীত-নৃত্যৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি উপস্থিত দৰ্শকক মুগ্ধ কৰে।
উল্লেখযোগ্য যে, কৃষ্ণাই ছেইণ্ট জেভিয়াৰ্ছ স্কুলখনে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে কাম কৰি আহিছে।