NORTHEAST NOW (Assamese)

কপিলী ওপৰৰ অৰ্ধনিৰ্মিত দলং নিৰ্মাণৰ দাবীত জাগী ভকত গাঁও যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

December 21, 2020 2:05 pm · চানু গগৈ

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ জাগী ভকত গাঁও আঞ্চলিক সমিতিৰ উদ্যোগত কপিলীৰ ওপৰত অৰ্ধনিৰ্মিত হৈ থকা দলঙখনৰ কাম সম্পূৰ্ণ কৰাৰ দাবী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

পৰিষদৰ আঞ্চলিক সমিতিৰ সভাপতি বিমল হাজৰীকা আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সমুজ্জ্বল ডেকা, কৃষক নেতা তুলসী ডেকাৰ নেতৃত্বত ৰূপায়ন কৰা কাৰ্যসূচীত মৰিগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি জ্যোতিৰ্ময় গোস্বামী, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পিংকু মহন্ত, উপদেষ্টা উৎপল বৰঠাকুৰ আৰু জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়া ৰ লগতে আঞ্চলিক সমিতিৰ অৰ্ধশতাধিক সসদ্যই কাৰ্যসূচীত ভাগ লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তুলে প্ৰতিবাদস্থলী।

মৰিগাঁও গুৱাহাটী সংযোগী মুল গড়কাপ্তানী পথৰ কপিলীৰ ওপৰত এখন দলং ইমান বছৰে চৰকাৰে নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিব নোৱাৰাতো হতাশজনক বুলি অভিহিত কৰিছে প্ৰতিবাদকাৰীসকলে।

২০১১ চনতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা দলংখনৰ কাম বৰ্তমানেও সম্পূৰ্ণ হৈ নুঠাত চৰকাৰক ধিক্কাৰ দিয়ে সংগঠনটোৱে।

গণতান্ত্ৰিক মাধ্যমেৰে নিৰ্বাচিত চৰকাৰ আৰু চৰকাৰৰ বিয়াগোম এটা গড়কাপ্তানি বিভাগ থকাৰ পিছতো এই ধৰণৰ কাৰ্যকলাপ চৰকাৰখনৰ প্ৰতাৰণাৰ ছবি দাঙি ধৰিছে বুলি উল্লেখ কৰে সংগঠনটোৰ নেতৃত্বই।

অসমৰ ৰাজধানী দিছপুৰৰ পৰা মাত্ৰ কেইকিলোমিটাৰ মানৰ নিলগতে কেইবাবছৰো অৰ্ধনিৰ্মিত দলংখনে চৰকাৰৰ উন্নয়ন নমুনা বহিঃ প্ৰকাশ কৰিছে বুলি তীৰ্যক মন্তব্য কৰিছে নেতৃত্বই।

স্মৰ্তব্য যে মৰিগাঁও জিলাৰ তিনিটা বিধান সভাৰ সমষ্টিৰ ভিতৰত জাগীৰোড হৈছে উল্লেখনীয় সমষ্টি। এই সমষ্টিৰ পৰা বিধায়ক হৈ পিয়ুষ হাজৰিকাই চৰকাৰখনৰ মন্ত্ৰীত্ব লাভ কৰাৰ পিছতো সমষ্টিবাসীৰ যাতায়াতৰ সমস্যাত ভুগিব লগাতো দুৰ্ভাগ্যজনক।

প্ৰতিবাদকাৰীসকলে সোণোৱাল চৰকাৰ হায়ঃ হায়ঃ, গড়কাপ্তানি মন্ত্ৰী মুৰ্দাবাদ, আমাৰ দলং আমাক দিয়ক আদি শ্লোগানেৰে আকাশ-পাতাল কপায় তোলে।

কাৰ্যসূচীৰ অন্তত মায়ং ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ দলংৰ কাম শীঘ্ৰে আৰম্ভ কৰাৰ দাবীৰে আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

Related News