NORTHEAST NOW (Assamese)
অসম

নৰ্থ-ইষ্ট য়ুনাইটেডত মোক্ষম আঘাত; দল এৰিলে তাৰকা ষ্ট্ৰাইকাৰ বাৰ্থলমেউ অগবেছেই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 25, 2019 12:41 pm
Bartholomew Ogbeche

২০১৮-১৯ বর্ষৰ হিৰ’ আই এছ এলত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা তাৰকা ষ্ট্ৰাইকাৰ বাৰ্থলমেউ অগবেছেই এৰিলে নৰ্থ-ইষ্ট য়ুনাইটেড। প্ৰশিক্ষক এলকো স্কেটৰি, মিডফিল্ডাৰ ৰাউলিন বৰ্জেছৰ পিছতে এই সিদ্ধান্ত লৈছে দলটোৰ যোৱাবাৰৰ অধিনায়ক অগবেছেই।

যোৱা ছিজনৰ য়ুনাইটেডৰ সাফল্যৰ অন্যতম কাৰণ অগবেছেই আগন্তুক ছিজনত কেৰালা ব্লাষ্টাৰ্ছৰ হৈ খেলিব। প্ৰশিক্ষক স্কেটৰিৰ নিৰ্দেশতে অগবেছেই কেৰালা ব্লাষ্টাৰ্ছত খেলাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে ২০১৮-১৯ বৰ্ষৰ ছিজনত অগবেছেৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ভিত্তিতেই আই এছ এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্লে অফ খেলিবলৈ সক্ষম হৈছিল নৰ্থ-ইষ্ট য়ুনাইটেড। যোৱাটো ছিজনত তেওঁ ১৮খন খেলত অংশ লৈ ১২টা গ’ল কৰিছিল। গ’লদাতাৰ তালিকাত যুটীয়াভাৱে তেওঁ আছিল দ্বিতীয় স্থানত।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ লীগ সমূহত খেলা অভিজ্ঞ ৩৪ বছৰীয়া ষ্ট্ৰাইকাৰ গৰাকীৰ অনুপস্থিতি আগন্তুক ছিজনত বাৰুকৈয়ে প্ৰভাৱ পৰিব নৰ্থ-ইষ্টৰ শিবিৰত।