NORTHEAST NOW (Assamese)
অসম

ষ্টেট বেংকৰ বিষয়াৰ প্ৰশংসনীয় কৰ্ম সংস্কৃতিৰ নিদৰ্শন; পি পি ই কিট পৰিধান কৰি ক্ষেত্ৰ পৰিদৰ্শন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 7, 2021 6:26 am
WhatsApp Image 2021-05-06 at 7.40.43 PM

ক’ভিড-১৯ৰ বাবে যি সময়ত কৰ্ম সংস্কৃতি স্থবিৰ হৈ পৰিছে, তেনে সময়তে ষ্টেট বেংকৰ বিষয়া-কৰ্মচাৰী সকলে অহৰহ ৰাইজৰ সেৱা আগবঢ়াই আছে।

উল্লেখযোগ্য যে বেংকৰ ভিতৰত বহি সেৱা আগবঢ়োৱাৰ উপৰিও বিষয়াসকলে বিভিন্ন ঋণৰ বাবে গ্ৰাহকৰ গৃহ তথা অন্যান্য সম্পত্তি পৰিদৰ্শন কৰিব লাগে, যিটো আজিৰ পৰিস্থিতিত যথেষ্ট বিপদজনক হৈ পৰিছে।

পিছে ৰৈ থকা নাই ষ্টেট বেংকৰ বিষয়া-কৰ্মচাৰী সকল। যাৰ বাবে যোৰহাট ৰাছমেক (ঋন বিভাগ)ৰ বিষয়া-কৰ্মচাৰী সকলে পি পি ই কিট পৰিধান কৰি বেংকৰ বাহিৰা কাম অৰ্থাৎ ক্ষেত্ৰ পৰিদৰ্শন কৰি নিজ কৰ্ম সংস্কৃতিৰ এক ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰা দেখা গৈছে।

এইক্ষেত্ৰত ভাৰতীয় ষ্টেট বেংকৰ বিষয়া-কৰ্মচাৰী সকলৰ ত্যাগক সকলোৱে আদৰণি জনাইছে l