বিমানযোগে অসমলৈ ঘূৰি অহাসকললৈ নতুন নিৰ্দেশনা ৰাজ্যৰ স্বাস্থ্য বিভাগৰ
বিমানযোগে অসমলৈ ঘূৰি অহা সকললৈ নতুন নিৰ্দেশনা ৰাজ্যৰ স্বাস্থ্য বিভাগৰ।
বিমনত স্বামী স্ত্ৰী একেলগে অহাসকলক ইনষ্টিটিউচনেল কোৱাৰেন্টাইনৰ পৰা ৰেহাই।
স্বামী, স্ত্ৰী আৰু তেওঁলোকৰ সৈতে অহা সন্তানক ইনষ্টিটিউচনেল কোৱাৰেন্টাইনৰ পৰা ৰেহাই দিয়া হৈছে।
স্বামী, স্ত্ৰী আৰু তেওঁলোকৰ সৈতে অহা পৰিয়ালৰ লোককো ইনষ্টিটিউচনেল কোৱাৰেন্টাইনৰ পৰা ৰেহাই দিয়া হৈছে।
তেওঁলোকে স্বাৱ টেষ্ট আৰু স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত চৰকাৰৰ নিৰ্দেশনা মানি ১৪ দিন হোম কোৱাৰেন্টাইনত থাকিব লাগিব।
তেওঁলোক থকা আৱাসক ১৪ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব প্ৰশাসনে।
স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কে সিনহাৰ দ্বাৰা স্বাক্ষৰিত নিৰ্দেশনাত উপৰোক্ত কথাসমূহ উল্লেখ আছে।
টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।