NORTHEAST NOW (Assamese)

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত চমকিব পৰা সিদ্ধান্ত গ্ৰহণ কৰক : চৰকাৰলৈ আহ্বান ড০ সমুজ্জল ভট্টাচাৰ্যৰ

June 13, 2019 7:49 am · ঋতুপল্লব শইকীয়া
Updated: June 13, 2019 10:10 am
আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্য। ফাইল ফটো

দিচপুৰত  বহি চমক সৃষ্টি কৰা সিদ্ধান্ত গ্ৰহণৰ পৰিবৰ্তে চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত চমকিব পৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী কৰক- এই মন্তব্য কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যই।

বুধবাৰে গোলাঘাট জিলা সন্থাৰ উদ্যোগত এমেছাৰ থিয়েটাৰ ছ’চাইটি প্ৰেক্ষাগৃহত আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য উপদেষ্টাগৰাকীয়ে লগতে কয় যে দিল্লীয়ে অসমক অন্যায় কৰাৰ দৰে দিচপুৰেও গোলাঘাটক অন্যায় কৰি আহিছে। আৰু এনে অন্যায় অৱহেলাৰ বাবেই গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে এ আই চি টি ইৰ স্বীকৃতি লাভৰ পৰা বঞ্চিত হ’ব লগা হৈছে।

তেওঁ উক্ত মঞ্চৰ পৰাই চৰকাৰক গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত স্থায়ী অধক্ষ্য, শিক্ষক নিযুক্তি আৰু আন্তঃগাথঁনি উন্নয়নৰ জৰিয়তে এখন উচ্চ পৰ্য্যায়ৰ অভিযান্ত্ৰিক মহাবিদ্যালয় হিচাবে গঢ়ি তোলাৰ আহ্বান জনায়। একেদৰে ফৰকাটিং পলিটেকনিক আৰু পুলিবৰত থকা ৰেছিডেন্সিয়েল গাৰ্লছ পলিটেকনিক দুখনকো উন্নত মানৰ কাৰিকৰী শিক্ষনুষ্ঠান হিচাবে গঢ়ি তুলিবলৈ দাবী জনায়।

ইয়াৰ উপৰি ভট্টাচাৰ্যই নাকে বিশ্ববিদ্যালয়, মহাবিদ্যালয় পৰিদৰ্শন কৰাৰ ফলত উক্ত শিক্ষানুষ্ঠানসমূহ যেনেদৰে উপকৃত হৈছে অনুৰূপ ধৰণে বিদ্যালয়সমূহৰ ক্ষেত্ৰত পৰ্যবেক্ষণ আৰু পৰ্যালোচনাৰ বাবে বিদ্যালয় মূল্যায়ন আয়োগ গঠন কৰিব লাগে বুলি উল্লেখ কৰে।

ফটো : নৰ্থ-ইষ্ট নাও

উল্লেখযোগ্য যে জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত সন্মানীয় অতিথি হিচাপে বিশ্ববিদ্যালয় অনুদান আয়োগৰ মানৱ সম্পদ উন্নয়ন কেন্দ্ৰৰ সঞ্চালক ড০ যোগেন্দ্ৰ চন্দ্ৰ কলিতাই ছাত্ৰ-ছাত্ৰী সকলক শিপাৰ লগত সম্পৰ্ক ৰাখি আগবাঢ়ি যাবলৈ আহ্বান জনায়।

সভাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দ্বীপেন দত্ত, বৰ্তমানৰ সহকাৰী সাধাৰণ সম্পাদক চৈয়দ মনোৱাৰ হুছেইন, মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মৃদুল হাজৰিকা, ভৱজিৎ বেজবৰুৱা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অভিবৰ্তন গোস্বামী, মৃদুল শইকীয়া আদি উপস্থিত থাকে।

ফৰকাটিং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক ড০ লাচিত বৰুৱাই আঁত ধৰা অভিনন্দন অনুষ্ঠানত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰা মনীষা বৰা, নিবেদিতা গগৈ, হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা উপাশা মুদৈ, অচ্যুত চেতিয়াৰ লগতে মুঠ তিনিশ ষোল্লগৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। লগতে ৮০ খন শিক্ষানুষ্ঠানৰ মুৰব্বীক সম্বৰ্ধনা জনোৱা হয়।

Related News