NORTHEAST NOW (Assamese)

বৰপেটাত ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰৰ শুভাৰম্ভ

July 5, 2019 7:49 pm · পুলেন্দ্ৰ দাস

প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিৰ অধীনত আজি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰটো শুভাৰম্ভ কৰা হয় ৷

এই কেন্দ্ৰটো শুভাৰম্ভ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ এই উদ্দেশ্যে চিকিৎসা মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰ শুভাৰম্ভ অনুষ্ঠান ৷

এই অনুষ্ঠানত সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাস, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, অসম ঔদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ, অন্যান্য বিষয়ববীয়াসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Related News