লকডাউনত স্বাস্থ্যকৰ্মীক গুৰুত্ব দিয়ক: মুখ্য সচিবসকললৈ কেন্দ্ৰীয় গৃহ সচিবৰ জৰুৰী পত্ৰ
কৰ’না ভাইৰাছৰ বাবে চলি থকা লকডাউনৰ সময়ত আন্ত:ৰাজ্যিক যাতায়তকে ধৰি স্বাস্থ্যকৰ্মীসকলৰ যাতায়তত যাতে কোনোধৰণৰ সমস্যা নহয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক নিৰ্দেশ দিছে।
তদুপৰি, ক্লিনিকসমূহ খোলা ৰখাতো যাতে কোনো বাধা নহয় সেয়া নিশ্চিত কৰিবলৈ কোৱা হৈছে।
কিছুমান ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশত চিকিৎসক, পেৰা মেডিকেল ষ্টাফৰ অহা যোৱাত আৰোপ কৰা বাধা-নিষেধ সম্পৰ্কত গৃহ মন্ত্ৰ্যালয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
সোমবাৰে কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লাই লিখা এখন পত্ৰত কোৱা হৈছে যে কিছুমান স্থানত ব্যক্তিগত ক্লিনিক, নাৰ্ছিংহোম আদি খোলাৰ অনুমতি দিয়া নাই।
এই সকলোবোৰ চলি থকাটো অত্যন্ত জৰুৰী। সেয়েহে, সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশক এইবোৰ খোলাৰ অনুমতি দিবলৈ কোৱা হৈছে।
গৃহ সচিব অজয় ভাল্লাই লিখিছে: ‘’মই সকলো ৰাজ্য, কেন্দ্ৰীয় শাসিত প্ৰদেশক ক’বলৈ বিচাৰো যে নাৰ্ছ, মেডিকেল প্ৰফেস্যনেল, পেৰা মেডিকেল ষ্টাফ, এম্বুলেন্স আদিক যাতে সম্পূৰ্ণ অনুমতি দিয়ে।
উল্লেখ্য যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্য মন্ত্ৰীসকলৰ সৈতে লকডাউন সম্পৰ্কত আলোচনা কৰিব।
পঞ্চমবাৰৰ বাবে এইদৰে মুখ্য মন্ত্ৰীসকলৰ সৈতে হ’বলগীয়া আলোচনাত লকডাউন পৰ্যায়ক্ৰমে প্ৰত্যাহাৰ কৰাৰ দিশত নিষেধাজ্ঞাৰ ক্ষেত্ৰত অধিক শিথিলতা অনা সম্পৰ্কে আলোচনা হোৱাৰ সম্ভাৱনা আছে।