NORTHEAST NOW (Assamese)

এইবাৰ দশমীত অযোধ্যাত জ্বলাব নোৱাৰিব ৰাৱণ, মেঘনাদ, কুম্ভকৰ্ণৰ প্ৰতিমূৰ্তি : কিন্তু কিয়?

September 30, 2025 3:11 pm · এন ই নাও নিউজ, গুৱাহাটী

এইবাৰ দুৰ্গাপূজাৰ দশমীৰ দিনা অযোধ্যাত ৰাৱণ, মেঘনাদ আৰু কুম্ভকৰ্ণৰ প্ৰতিমূৰ্তি দাহ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে উত্তৰ-প্ৰদেশ আৰক্ষীয়ে।

আয়োজকসকলে জনোৱা মতে, মধ্যপ্ৰদেশ, ৰাজস্থান, আৰু অন্যান্য ৰাজ্যৰ শিল্পী সকলে ২৪০ ফুট উচ্চতাৰ ৰাৱণ আৰু ১৯০ ফুট উচ্চতাৰ মেঘনাদ আৰু কুম্ভকৰ্ণৰ প্ৰতিমূৰ্তি নিৰ্মাণ সম্পূৰ্ণ কৰিছিল।

কিন্তু নিৰাপত্তাজনিত কাৰণত প্ৰশাসনে দশমীত এই প্ৰতিমূৰ্তিসমূহ দাহ কৰাত নিষেধাজ্ঞা আৰোপ কৰে।

জানিব পৰা মতে, অযোধ্যাৰ ফিল্ম কলাকাৰ ৰামলীলা কমিটীৰ উদ্যোগত এই অনুষ্ঠানটিৰ আয়োজন কৰা হৈছিল।

অযোধ্যাৰ চি অ’ দেৱেশ চতুৰ্বেদীয়ে উল্লেখ কৰে যে নিৰাপত্তাজনিত কাৰণৰ বাবেই এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। উদ্যোক্তা সমিতিয়ে ইয়াৰ বাবে অনুমতিও লাভ কৰা নাছিল।  আৰক্ষীয়ে টহল দিয়াৰ সময়ত প্ৰতিমূৰ্তিসমূহ লক্ষ্য কৰাৰ পিছতে এই নিষেধাজ্ঞা আৰোপ কৰে।

চতুৰ্বেদীয়ে লগতে উল্লেখ কৰে যে ফিল্ম কলাকাৰ ৰামলীলা সমিতিৰ ৰাৱণ দহনৰ কাৰ্যসূচী পৰম্পৰাগত নহয়।

ইফালে, ফিল্ম কলাকাৰ ৰামলীলা কমিটীৰ প্ৰতিষ্ঠাপক সভাপতি সুভাষ মালিকে কয় যে মধ্যপ্ৰদেশ, ৰাজস্থান আদি ৰাজ্যৰ শিল্পী সকলে ৰাৱণ আৰু অন্যান্য প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তুলিছে, যিবোৰ প্ৰতিমূৰ্তি জ্বলোৱাৰ তিনিদিন পূৰ্বে নিষিদ্ধ কৰা হৈছিল।

Related News