NORTHEAST NOW (Assamese)
অসম

মঙলদৈত বহুলাখ টকাৰ সোণৰ চুৰি অলংকাৰ উদ্ধাৰ, এজনক গ্ৰেপ্তাৰ

Posted by: ময়ূখ গোস্বামী Updated by: ময়ূখ গোস্বামী August 30, 2020 11:45 pm
Stolen gold ornaments worth several lakhs of rupees recovered in Mangaldoi, one held

মঙলদৈ আৰক্ষীয়ে দেওবাৰে বহুলাখ টকাৰ সোণৰ চুৰি অলংকাৰ উদ্ধাৰ কৰাৰ লগতে হজৰত ওজা ওৰফে বিকাশ দাস নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে।

ধৃত ওজাৰ ঘৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত বালুগাঁৱত।

মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীনবন্ধু ভূঞাই নৰ্থইষ্ট নাওক জনাই যে হজৰত ওজাই বিকাশ দাস পৰিচয়েৰে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ অধীন ঠাকুৰকুছি গাঁৱৰ এটা পৰিয়ালৰ লগত ঘনিষ্ঠ হৈছিল।

পিছত ঘনিষ্ঠতাৰ সুযোগ লৈ পৰিয়ালটোৰ পৰা তেওঁ বহুলাখ টকাৰ সোণৰ গহনা চুৰি কৰে।

আৰক্ষী বিষয়াজনে জনোৱা মতে হজৰত এজন পুৰণা অপৰাধী আৰু ভুৱা পৰিচয়েৰে তেওঁ এনে বহু চুৰিৰ ঘটনা সংঘটিত কৰিছিল।

“কিন্তু প্ৰতিবাৰেই তেওঁ পলাবলৈ সক্ষম হৈছিল। এইবাৰ আমি তেওঁক ধৰাত সফল হ’লো,” ভূঞাই কয়।

তেওঁৰ পৰা উদ্ধাৰ কৰা সোণৰ গহনাখিনিৰ মূল্য পাঁচ লাখ টকাৰ বেছি হ’ব বুলি সদৰী কৰি ভূঞাই কয় যে এই সন্দৰ্ভত অধিক জেৰা অব্যাহত আছে।

“সংগঠিত অপৰাধটোত জৰিত থকা আৰু লোকৰ পৰিচয় উদ্ধাৰৰ বাবে অধিক জেৰা চলি আছে,” তেওঁ জনায়।