NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ হাঁ‌হচৰাত জিঅ’ই খন্দা গাঁতত উদ্ধাৰ ৰজাদিনীয়া সম্পদ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 26, 2019 4:25 pm
Stone sculpture, presumably of Ahom era, found in Assam's Sivasagar

ছশ বছৰীয়া আহোম শাসনৰ বেছিভাগ সময়ৰ ৰাজধানী শিৱসাগৰৰ হাঁ‌হচৰা সিংহদ্বাৰত ৰিলায়েন্স জিঅ’ই খন্দা গাঁতত শুকুৰবাৰে পুৱা কেইপদমান ৰজাদিনীয়া সম্পদ উদ্ধাৰ হৈছে।

উদ্ধাৰ হোৱা সম্পদসমূহৰ ভিতৰত আছে শিলেৰে নিৰ্মিত এটা সিংহমূৰ্তি আৰু এটা শিলৰ কলচী।

কোম্পানিটোৰ কেবল পুতিবলৈ সিংহদ্বাৰ তোৰণৰ সন্মুখত গাঁত খান্দোতে শ্ৰমিকসকলে এই সামগ্ৰীসমূহ দেখা পায়।

সিংহমূৰ্তিটো সামান্য ভগা অৱস্থাত উদ্ধাৰ হোৱাৰ বিপৰীতে কলচীটো সম্পূৰ্ণ অক্ষত অৱস্থাত আছে। লগতে, ৰজাদিনীয়া ইটা আৰু কিছু ভগ্নাৱশেষো উদ্ধাৰ হৈছে।

পূৰাতত্ত্ব বিভাগে ইতিমধ্যে সামগ্ৰীসমূহ চমজি লৈছে।

কিন্তু, ব্যক্তিগত কোম্পানিটোৱে ইতিহাসপ্ৰসিদ্ধ অঞ্চলটোত এইদৰে গাঁত খন্দা কাৰ্য্যত একাংশ লোকে প্ৰশ্ন তুলিছে।

Stone sculpture, presumably of Ahom era, found in Assam's Sivasagar
জিঅ’ই খন্দা গাঁতটো। ছবি– নৰ্থ ইষ্ট নাও।

ৰাইজৰ কথা হৈছে, অঞ্চলটোত আৰু বিভিন্ন ঐতিহাসিক সমল ওলাব পাৰে; কিন্তু জিঅ’ই গাঁত খান্দি ফুৰোঁতে তেনে সামগ্ৰী সুৰক্ষিত থকাৰ নিশ্চিতি কি?

লগতে পঢ়ক– বিস্ময়কৰ! শংকৰদেৱৰো ১৬শ বছৰ আগৰে গুৱাহাটীৰ খজুৱতিৰোধী সভ্যতা পোহৰলৈ

ঘটনাস্থলীত উপস্থিত পূৰাতত্ত্ব বিভাগৰ লোকসকলক এই সন্দৰ্ভত সোধাত তেওঁলোকে জিঅ’ৰ খননৰ বিষয়ে অজ্ঞতা প্ৰকাশ কৰাটোৱে স্থানীয় লোকসকলক ক্ষুব্ধ কৰি তুলিছে।

এনে ঐতিহাসিক সম্পত্তিৰ সংৰক্ষণ নিশ্চিত কৰিবলৈ পূৰাতত্ব বিভাগক স্থানীয় ৰাইজে দাবী জনাইছে।

স্থানীয় ৰাইজৰমতে, সামগ্ৰীখিনি উদ্ধাৰ হোৱা স্থানত আহোম যুগৰ এখন তোৰণ আছিল। সিংহদ্বাৰ নামেৰে থকা তোৰণখনৰ বাবেই অঞ্চলটোৰ নাম সিংহদ্বাৰ হৈছিল।

উদ্ধাৰ হোৱা সামগ্ৰীসমূহ সেই দ্বাৰখনৰে ধ্বংসাৱশেষ বুলি ৰাইজে সন্দেহ কৰিছে।

পুৰণি দ্বাৰখনৰ ঠাইত পৰৱৰ্তী সময়ত সেই স্থানত এখন নতুন দ্বাৰ স্থাপন কৰা হৈছিল।