NORTHEAST NOW (Assamese)

মৰ্মন্তুদ! কুকুৰক বচাবলৈ গৈ দুৰ্ঘটনাত মৃত্যু যুৱকৰ: যুৱকৰ গৃহত উপস্থিত হৈ শোক প্ৰকাশ কৰি ক্ষমা খুজিলে কুকুৰে

November 27, 2023 7:23 pm · এন ই নাও নিউজ, গুৱাহাটী

জন্তুৰ অনুভূতি নাই, এয়া কোনে কয়! মানুহৰ দৰে জন্তুৰো আছে আৱেগ-অনুভূতি; ৰং-আনন্দই যেনেকৈ জন্তুক স্পৰ্শ কৰে তেনেদৰে বিষাদ, দোষবোধৰ পীড়ায়ো ব্যথিত কৰি তোলে জন্তুৰ হিয়া। কৰ্ণাটকৰ এক মৰ্মস্পৰ্শী ঘটনাই যেন তাকেই প্ৰমাণিত কৰিলে।

কৰ্ণাটকৰ দাৱনাগেৰেত শেহতীয়াকৈ সংঘটিত হৈছিল এক দুৰ্ঘটনা। পথত ঘূৰি ফুৰা অঘৰী কুকুৰ এটাক খুন্দা মৰাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰি দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছিল এজন ২১ বছৰীয়া যুৱকে। এই ঘটনাৰ পিছৰ দৃশ্যই সকলোকে কৰি তোলে ম্ৰিয়মান, আশ্চৰ্যচকিত।

যোৱা ১৬ নৱেম্বৰত দুৰ্ঘটনাত মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে মৃত্যু হৈছিল টিপেছ নামৰ যুৱকজনৰ। টিপেছৰ মৃত্যুৰ কেইদিনমান পিছতে যিটো কুকুৰক ৰক্ষা কৰিবলৈ গৈ টিপেছ দুৰ্ঘটনাগ্ৰস্ত হৈছিল, সেই কুকুৰটোৱে তেওঁৰ ঘৰত দেখা দিলে।

এক দোষবোধৰ পীড়াই যেন ব্যথিত কৰি ৰাখিছিল সেই কুকুৰটোক! টিপেছৰ ঘৰত উপস্থিত হোৱাৰ পিছতে টিপেছৰ মাতৃৰ কাষ চাপি তেওঁৰ হাতত মূৰটো থৈ নিজৰ যেন দোষ স্বীকাৰ কৰে কুকুৰটোৱে। টিপেছৰ মৃত্যুৰ বাবে ক্ষমা ভিক্ষা কৰি যেন কুকুৰটোৱে শোক প্ৰকাশ কৰে!

এই গোটেই ঘটনাটোৰ বিষয়ে বৰ্ণনা প্ৰকাশ কৰে টিপেছৰ মাতৃয়ে। কেৱল সিমানেই নহয়, তেওঁ উল্লেখ কৰা মতে টিপেছৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছতে তেওঁলোকৰ ঘৰলৈ অহাৰ চেষ্টা কৰিছিল কুকুৰটোৱে। কিন্তু অঞ্চলটোৰ আন কুকুৰবোৰে আগভেটি বাধা দিয়াৰ বাবে সফল হ’ব পৰা নাছিল কুকুৰটো।

অৱশেষত কেইদিনমানৰ পিছত কুকুৰটোৱে টিপেছৰ ঘৰত প্ৰৱেশ কৰে আৰু টিপেছৰ মাতৃৰ ওচৰত দোষ বোধত জৰ্জৰিত কুকুৰটোৱে ক্ষমা খুজি টিপেছৰ মৃত্যুৰ বাবে শোক প্ৰকাশ কৰে। কুকুৰটো বৰ্তমান তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে বুলিয়ো জানিবলৈ দিয়ে টিপেছৰ মাতৃয়ে।

টিপেছৰ আত্মীয়ই লগতে জানিবলৈ দিয়া মতে কুকুৰটোৱে প্ৰায় ৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি টিপেছৰ ঘৰত উপস্থিত হৈছিল। টিপেছৰ মৃতদেহ কঢ়িয়াই অনা বাহনখনৰ পিছে পিছে যাত্ৰা কৰিছিল শোকবিহ্বল কুকুৰটোৱে।

টিপেছৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তো সেই স্থানৰ আশে-পাশে ঘূৰি ফুৰিছিল কুকুৰটো আৰু তিনিদিন পিছত কুকুৰটোৱে টিপেছৰ ঘৰত প্ৰৱেশ কৰি এইদৰে নিজকে সমৰ্পণ কৰে। টিপেছৰ ভগ্নীয়ে অৱশ্যে ঘটনাৰ বাবে কুকুৰটোৰ ওপৰত কোনো খংবোধ নাই বুলি উল্লেখ কৰে।

তেওঁ টিপেছৰ মৃত্যুক এক দুৰ্ঘটনা বুলি উল্লেখ কৰি পৰিয়ালে দুৰ্ভাগ্যজনকভাৱে তেওঁক হেৰুৱালে বুলি মন্তব্য কৰে। সি যি নহওক, টিপেছৰ মৃত্যুৰ বাবে নিজকে দোষী যেন অনুভৱ কৰা কুকুৰটোৰ দোষবোধ আৰু তাৰ পিছৰ সমগ্ৰ কৰ্মকাণ্ডই সকলোৰে হৃদয় স্পৰ্শ কৰিছে।

Related News