NORTHEAST NOW (Assamese)

Street play গুৱাহাটীৰ ৰাজপথত ড্ৰাগছ গ্ৰহণকাৰী আৰু লেডী ড্ৰাগছ পেডলাৰৰ সন্ত্ৰাস!

June 27, 2022 6:19 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: June 27, 2022 6:20 pm

হঠাৎ গুৱাহাটীৰ ৰাজপথত এগৰাকী যুৱতীৰ পৰা চেইন আজুৰিলে এজন ড্ৰাগছ গ্ৰহণকাৰীয়ে। আনহাতে এগৰাকী লেডী ড্ৰাগছ পেডেলাৰে লগ পায় পলাতক সেই ড্ৰাগছ গ্ৰহণকাৰীক। দুয়োৰে মাজত হয় তীব্ৰ বাক বিতণ্ডা। এয়া হল সংস্কাৰ নামৰ এক বাটৰ নাটৰ দৃশ্য।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত অনুব্রত সমিতি গুৱাহাটী, আৰু মিছন পীচৰ সহযোগত আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছৰ অপব্যৱহাৰ তথা অবৈধ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে কালি ২৬ জুনত মহানগৰৰ বিভিন্ন প্ৰান্তত সজাগতাৰ হকে ড্ৰাগছৰ লগতে বিভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ ৰচনা আৰু পৰিচালনাৰে “সংস্কাৰ” নামেৰে এখন বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে এলানি পথ সভাও অনুষ্ঠিত কৰা হয়।

মহানগৰীৰ দহটা ভিন্ন স্থানত উক্ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ বাটৰ নাট প্ৰদৰ্শন কৰা হয়। উক্ত অনুষ্ঠানৰ জৰীয়তে “ব্ৰাদাৰ্ছ” আৰু অনুব্ৰতৰ সদস্যসকলে উপস্থিত ৰাইজক ড্ৰাগছৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে, কেনেকৈ ড্ৰাগছ গ্ৰহণকাৰীক পুনৰ জীৱন দিব পাৰি,কেনেকৈ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীৰ সহযোগত বাধা প্ৰদান কৰিব পাৰি এই সন্দৰ্ভত অন্ধবিশ্বাস বিৰোধী আৰু ড্ৰাগছ বিৰোধী নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই পথ সভাত বিৱৰি কয়।

ইয়াৰ উপৰি অনুব্ৰত মহাসমিতিৰ কেন্দ্ৰীয় বিষয় ববীয়া ছত্তৰ সিং জৈন চডাছিয়াই নিচা মুক্তিৰ বিষয়ে ভাষণ আগবঢ়ায়।

Related News