NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী আই আই টি কেম্পাছত শিক্ষাৰ্থীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 3, 2023 7:54 pm

গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি-জি)ৰ কেম্পাছত বৃহস্পতিবাৰে এগৰাকী শিক্ষাৰ্থীৰ কৰুণ মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই অৱগত কৰিছে।

প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই জনোৱা মতে, চিকিৎসা প্ৰতিবেদন অনুসৰি প্ৰাকৃতিক কাৰণতে শিক্ষাৰ্থীগৰাকীৰ মৃত্যু হৈছে। 

বৃহস্পতিবাৰে প্ৰকাশিত বাতৰি অনুসৰি ছাত্ৰজন ৰাজস্থানৰ আৰু প্ৰায় ছমাহ পূৰ্বে গুৱাহাটীত উপস্থিত হৈছিল।

কৰ্তৃপক্ষই উল্লেখ কৰে যে তেওঁলোকে এই বিষয়ৰ তদন্তত আৰক্ষীক সহযোগিতা আগবঢ়াইছে।

এই দুৰ্ভাগ্যজনক ঘটনাৰ পিছতে মৃত ছাত্ৰজনৰ পৰিয়ালৰ লোকক তৎক্ষণাত অৱগত কৰা হয়। তেওঁলোক আহি পোৱা বুলি প্রতিষ্ঠানটোৱে জনাইছে৷