NORTHEAST NOW (Assamese)
অসম

বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত বিটিআৰ; ওদালগুৰিত বিপিএফ কৰ্মীক গুলীয়াই হত্যা

Posted by: চাজিদ খান Updated by: চাজিদ খান February 22, 2020 8:04 am
gun shooting

বিটিচি নিৰ্বাচনৰ প্ৰাকক্ষণত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে বিটিআৰৰ সামগ্ৰিক পৰিস্থিতি।

শুকুৰবাৰে সন্ধিয়া ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী চকীৰ অন্তৰ্গত ভূটীয়াচাঙৰ মঙলদৈ-ভূটীয়াচাং পথত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত এগৰাকী বিপিএফ কৰ্মীৰ মৃত্যু হয়।

মৃত্যু হোৱা বিপিএফ কৰ্মী গৰাকীৰ পৰিচয় বাতৰি সংগ্ৰহ কৰা সময়লৈ জানিব পৰা হোৱা নায়।

স্থানীয় লোকে জনোৱা মতে, অচিনাক্ত দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা বিপিএফ কৰ্মী গৰাকীক গুলীয়াই হত্যা কৰে।

শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত সংঘটিত হোৱা এই হত্যাকাণ্ড সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নায়।

উল্লেখযোগ্য যে, বিটিচি নিৰ্বাচনৰ বিটিআৰৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। ২০ ফেব্ৰুৱাৰি সন্ধিয়া বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলি মহিলাৰীৰ বাহনৰ ওপৰতো অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ সংঘটিত কৰিছিল।

বিপিএফৰ তৰফৰ পৰা বৰ্তমানলৈ এই হত্যাকাণ্ড সন্দৰ্ভত কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা হোৱা নাই যদিও এগৰাকী ৰাজ্যসভাৰ প্ৰাক্তন সাংসদে বিটিচিত চলি থকা ৰাজনৈতিক হিংসাত্মক কাৰ্য্যকলাপক গৰিহণা দি শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবী তোলে।