NORTHEAST NOW (Assamese)
অসম

৪ বছৰীয়া ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰা কাণ্ডক লৈ উত্তাল চিৰাং

March 15, 2019 5:19 pm
IMG_20190314_113309-750x375

চিৰাঙৰ ছিদলীৰ আৰক্ষী থানাৰ অধীনত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ প্ৰতিবাদত আজি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক সমাজে প্ৰতিবাদ সাব্যস্ত কৰে। ছিদলীৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে একত্ৰিত হৈ জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী তথা শিক্ষক সমাজে প্ৰতিবাদী সমদলেৰে ছিদলী থানাৰ চৌহদত উপস্থিত হৈ হত্যাকাৰীক ২৪ ঘণ্টাৰ ভিতৰত হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তিৰ তথা ফাঁচীৰ দাবী জনাই থানা চৌহদ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে ছিদলী প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ৪ বছৰীয়া ছাত্ৰীক কোনো দুৰ্বৃত্তই বৃহস্পতিবাৰে অৰ্থাৎ ১৪ মাৰ্চত ধৰ্ষণ কৰি হত্যা কৰি ছিদলী নৈৰ পাৰত পেলাই থৈ যায়।