NORTHEAST NOW (Assamese)
অসম

বিটিচিবাসী ৰাইজৰ উৎসাহে এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ আনিব; ওদালগুৰিৰ নিৰ্বাচনী সভাত হিমন্তৰ ঘোষণা

Posted by: চাজিদ খান Updated by: চাজিদ খান December 2, 2020 5:44 pm

নেডাৰ আহ্বায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিটিচি নিৰ্বাচনত বিজেপিক ভোট দিয়াৰ বাবে বিটিচিবাসী ৰাইজক আহ্বান জনায়।

আজি ওদালগুৰি জিলাৰ বেংবাৰীত এখন নিৰ্বাচনী সভা সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাই বিটিচিবাসী ৰাইজৰ উৎসাহ দেখি এইবাৰ বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে।

ভাষণত প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জলকল্যাণৰ বাবে প্ৰদান কৰা সাহায্যৰ ধন বিটিচিত উচিত ব্যৱহাৰ হোৱা নাই বুলিও অভিযোগ কৰে।

‘‘বিটিচিত জবকাৰ্ড থকা লোক সকলে এই জবকাৰ্ডৰ লাভালাভ লাভ কৰা নাই আৰু প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰিবলৈ হ’লেও বিটিচিবাসী ৰাইজে ভিচিডিচি সদস্যক ভেটি দিবলগীয়া হৈছে,’’ হাগ্ৰামা মহিলাৰী প্ৰশাসনক কঠোৰ সমালোচনা কৰি হিমন্তই এইদৰে কয়।

 

বিটিচিত বহু সম্প্ৰদায়ৰ ভূমি অধিকাৰ কাঢ়ি নিয়াৰ লগতে তেওঁলোকৰ কণ্ঠ ৰূদ্ধ কৰি তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰিণত কৰা হৈছে বুলিও শৰ্মাই গুৰুতৰ অভিযোগ কৰে।

নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়ায়ো উপস্থিত থাকে।