NORTHEAST NOW (Assamese)

শিৱসাগৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্তৰ লগতে কৃতি শিক্ষাৰ্থীক অভিনন্দন অনুষ্ঠান

June 16, 2022 10:07 am · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
Updated: June 16, 2022 10:14 am

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ জিলাৰ ৬ গৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছিল।

ৰাজ্যৰ ভিতৰত দশম স্থান দখল কৰি শিৱসাগৰ জিলাৰ সুন্দৰমল মডাৰ্ণ স্কুলৰ দুগৰাকী মেধাৱী ছাত্ৰ হিমাংশু দাস আৰু ৰক্তোৎপল বৰাক বিদ্যালয়ৰ ফালৰ পৰা অভিনন্দন জনোৱা হয়।

অভিন্দন অনুষ্ঠানত শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কমল গগৈ ,গড়গাঁও মহাবিদ্যালয় ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্ত, বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতিৰ লগতে বিদ্যালয়ৰ অধ্যক্ষ উপস্থিত থকাৰ লগতে বহু সংখ্যক গণ্যমাণ্য ব্যক্তি উপস্থিত আছিল।

বিদ্যালয়ৰ পৰিচালনা সমিতিৰ ফালৰ পৰা হাই স্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত দশম স্থান দখল কৰা হিমাংশু দাস আৰু ৰক্তোৎপল বৰাক চেক যোগে ৫০ হাজাৰকৈ উপহাৰ স্বৰূপে প্ৰদান কৰাৰ লগতে বিদ্যালয়ৰ ৮০% লাভ কৰা ছাত্ৰ-ছাত্ৰীকো আৰ্থিক পুৰস্কাৰ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰী সকলৰ উজ্বল ভৱিষ্যত কামনা কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে।

উক্ত অভিনন্দন অনুষ্ঠানতে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলোকো অভিনন্দন জনোৱা হয়।

Related News