NORTHEAST NOW (Assamese)
অসম

মধ্যাহ্ন ভোজনৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে নিজে শাক-পাচলি উৎপাদন কৰা এখন বিদ্যালয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 9, 2020 7:50 pm
Nagaland school

নাগালেণ্ডৰ এখন বিদ্যালয়ে বহুতৰ দৃষ্টি কাঢ়িছে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলক শাক-পাচলিৰ খেতিত জড়িত কৰি।

ক’হিমাৰ ৱিস্বেমা নামৰ ঠাইত থকা কে খেল চৰকাৰী মাধ্যমিক বিদ্যালয়খনৰ চৌহদত ২০১১ চনৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে শাক-পাচলিৰ খেতি কৰি আহিছে।

প্ৰায় ৬০জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনে এইদৰে উৎপাদন কৰা শাক-পাচলিবোৰ ছাত্ৰ-ছাত্ৰীসকলৰ মধ্যাহ্ন ভোজনৰ বাবে ব্যৱহাৰ কৰে। ফলত তেওঁলোকে জৈৱিক পদ্ধতিৰে উৎপাদিত শাক-পাচলি খাবলৈ পায়।

এন ডি টি ভিৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ব্যতিক্ৰমী বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী কেনেইছেনু ভিটছুৱে কয়, “খেতি কৰা আৰু বাগিচা পতাটো আমাৰ পাঠ্যক্ৰমৰ এটা অবিচ্ছেদ্য অংগ। আমি জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক শিকাইছো, যাতে তেওঁলোকে কৃষি পদ্ধতি আৰু কৌশলবোৰ জানিব পাৰে। আমি মাহত এটা দিন বাগিচা পালন আৰু কৃষিকাৰ্য্যৰ বাবে ৰাখো”।

জানিব পৰামতে, শিক্ষক-শিক্ষয়িত্ৰীৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলে নেমু, নহৰু, আলু, কবি, পিঁয়াজ, ৰঙালাও আৰু ডালিমৰ খেতি কৰে। ইয়াৰোপৰি নগা দাইলৰ দৰে কিছুমান থলুৱাভাৱে প্ৰাপ্ত শস্যৰো খেতি কৰা হয়।

প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ থকা বিদ্যালয়খনে প্ৰতি বছৰে এটুকুৰা মাটি বাছি লয় আৰু তাক পৰিষ্কাৰ কৰি খেতি লগায়।

তেওঁলোকক পাকঘৰৰ পেলনীয়া সামগ্ৰী আৰু উঘালি পেলোৱা বন-বাতৰ পৰা জৈৱ সাৰ প্ৰস্তুত কৰিবলৈও শিকোৱা হয়।

পানী দিয়া, বন নিৰোৱা, জেওৰা দিয়া আদি কামবোৰো ছাত্ৰ-ছাত্ৰীসকলক নিজে কৰিবলৈ দি তেওঁলোকৰ অভিজ্ঞতা সমৃদ্ধ কৰা হয়।