NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবী দিল্লী, জৱাহৰলাল নেহৰু বিশ্ববিঃৰ শিক্ষাৰ্থীৰ

Posted by: এন ই নাও নিউজ January 9, 2019 9:34 pm
download

লোকসভাত নাগৰিকত্ব বিধেয়ক গৃহীত হোৱাৰ পাছত ৯ জানুৱাৰি বুধবাৰে দিল্লীৰ জন্তৰ মন্তৰত দিল্লী বিশ্ববিদ্যালয় আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শ শ ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰিছে।

লোকসভাত গৃহীত হোৱা এই বিধেয়কখন বাতিল কৰাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে। এই সন্দৰ্ভত দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী অৰ্পিতা দত্তই কৈছে, ‘‘আমি এই বিধেয়কখন বাতিল কৰাৰ দাবী উত্থাপন কৰিছোঁ। এই বিধেয়কখন অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ বিৰোধী।’’

অধ্যাপক পদ্মেশ্বৰ দলেই কৈছে, ‘‘এই ছাত্ৰ-ছাত্ৰীসকল উত্তৰ পূৰ্বাঞ্চলৰ। দৰাচলতে আমি এটা আন্দোলন গঢ়ি তুলিম য’ত সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰী এই বিধেয়কখনৰ বিৰুদ্ধে একত্ৰিত হৈ ওলাই আহিব।’’

‘স্ক্ৰেপ চটিজেনশ্বিপ (এমেণ্ডমেণ্ট) বিল’ (scrap Citizenship (Amendment) Bil), ‘প্ৰটেক্ট আছাম’ (protect Assam) আদি লিখা প্লেকাৰ্ড লৈ প্ৰতিবাদীসকলে ৩ ঘণ্টা পৰ্যন্ত মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।