NORTHEAST NOW (Assamese)
অসম

ছাত্ৰ-ছাত্ৰীয়ে মজিয়াত বস্তা পাৰি অধ্যয়ন কৰা মহানগৰীৰে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া August 21, 2019 1:01 pm

ভিতৰুৱা গাঁৱৰ নহয়, গুৱাহাটী মহানগৰীৰে এখন চৰকাৰী বিদ্যালয়ৰ অৱস্থাই এতিয়া শিক্ষা বিভাগৰ দায়িত্বজ্ঞান সম্পৰ্কে সচেতন মহলক ভবাই তুলিছে।

মহানগৰীৰ দাঁতিৰ ধীৰেনপাৰাত থকা এই বিদ্যালয়খনত এই যুগতো ছাত্ৰ-ছাত্ৰীয়ে বেন্সৰ অভাৱত মজিয়াত বস্তা পাৰি বহি পাঠগ্ৰহণ কৰি আহিছে।

বিদ্যালয়খনৰ দুৱাৰ-খিৰিকী ভাগি গৈছে। বেৰবোৰৰ মলিয়ন, কদৰ্য্য-কদাকাৰ ৰূপ, চালখনৰো জৰাজীৰ্ণ অৱস্থা, পানী সোমাই নষ্ট কৰি দিয়া মজিয়া আদি দেখিলে এইখন যে চৰকাৰৰ শিক্ষা বিভাগে দায়িত্ব লোৱা চৰকাৰী বিদ্যালয় সেয়া বিশ্বাস কৰিবলৈ টান লাগে।

বৰষুণ দিলেই ফুটা চালেৰে পানী পৰি শ্ৰেণীৰ পাঠদানত ব্যাঘাত জন্মাই আহিছে।

Dhirenpara LP School_Students
শ্ৰেণীত পাঠগ্ৰহণ কৰি থকা অৱস্থাত ধীৰেনপাৰা প্ৰথামিক বিদালয়ৰ এটা দৃশ্য।

“বৰষুণ আহিলে পানী পৰে, মজিয়াবোৰ বেয়া হৈছে, চিলিংবোৰ বেয়া হৈছে। মুঠতে গোটেই আন্তঃগাঁথনিয়েই বেয়া হৈ আছে।”, প্ৰধান শিক্ষয়িত্ৰীৰ মন্তব্য।

আনহাতে, National School Disaster Management Plan-ৰ নিয়মাৱলী উলংঘা কৰি বিদ্যালয়খনৰ গাতে লাগি আছে এটা অতি ব্যস্ত পথ। এনে অৱস্থাত চৰম অসুৰক্ষিত অৱস্থাত থকা ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ সৈতে প্ৰতি মুহূৰ্তত বিপদাশংকা জড়িত হৈ থাকে।

National School Disaster Management Plan-ৰ নিয়মাৱলী মতে, এখন বিদ্যালয়ৰ চৌহদৰ বেৰ থকাটো নিত্যান্তই প্ৰয়োজন। লগতে যথেষ্ট মুকলি স্থান থকাও দৰকাৰ। কিন্তু ধীৰেনপাৰা প্ৰাথমিক বিদ্যালয়ত দুয়োটা নিয়মেই উলংঘা হৈ আছে। খেলপথাৰ বাদেই, মুকলি ঠাই বুলিবলৈ বাৰাণ্ডাৰ পৰা ব্যস্ত পথটোলৈ থকা মাত্ৰ ৬-৭ ফুটৰ এটুকুৰা স্থান।

“পথটো নিৰ্মাণৰ বাবে দুবছৰ পূৰ্বে চৌহদৰ দেৱালখন ভঙা হৈছিল। আজিলৈ নিৰ্মাণ হোৱা নাই।”, প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে কয়।

ইপিনে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই নিচেই কাষতে আছে এটা দুৰ্গন্ধ বিয়পাই থকা জি এম চিৰ ডাষ্টবিন।

Dhirenpara LP School_3
ব্যস্ত পথৰ ফালে কোনো সুৰক্ষা বেৰ নথকা ধীৰেনপাৰা প্ৰথামিক বিদালয়।

গুৰুত্বপূৰ্ণ কথাটো হ’ল এই দুৰৱস্থা সত্ত্বেও বিদ্যালয়খনত বৰ্তমান অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় ৪৮৬গৰাকী। শিক্ষক-শিক্ষয়িত্ৰীৰ গুণগত শিক্ষাদান আৰু অন্যান্য সুদিশৰ বাবে বিদ্যালয়খনে গুণোৎসৱত এ গ্ৰেড পাইছিল।

কিন্তু দুৰ্ভাগ্যজনকভাৱে, গুণোৎসৱেও বিদ্যালয়খনৰ এই দুৰৱস্থালৈ পৰিৱৰ্তন আনিব নোৱাৰিলে। বিভাগীয় কৰ্তৃপক্ষই নল’লে কোনো ব্যৱস্থা।

বিদ্যালয়খন দেখিলে এনে লাগে চৰকাৰে শিক্ষাৰ অধিকাৰ আইনক নিজেই ভেঙুচালি কৰিছে।

কণ কণ ছাত্ৰ-ছাত্ৰীৰ নিম্নতম প্ৰয়োজন পূৰাবলৈ ধন নথকা চৰকাৰখনে নিয়োগপত্ৰ বিতৰণ, এল ই ডি বাল্ব বিতৰণ, চিনেমা মহোৎসৱ, নমামি আদি পতাৰ নামত কোটি কোটি টকা খৰচ কৰি আহিছে।