NORTHEAST NOW (Assamese)

মন্ত্ৰী অতুল বৰাৰ উদ্যোগত বোকাখাতৰ কৃতী ছাত্র-ছাত্রীক সম্বৰ্ধনা

June 9, 2019 9:33 pm · উত্তম শইকীয়া

‘ছাত্র বা ছাত্রী এগৰাকী সুখ্যাতিৰে উত্তীর্ণ হলেই বিজ্ঞান পঢ়িবলৈ যােৱাৰ পূৰ্বৰ যি ধাৰা আছিল সম্প্রতি সেই ধাৰা সলনি হৈছে। এতিয়া কোনাে পাঠ্যক্রমেই ভৱিষ্যৎহীন নহয়। যিকোনাে বিষয়তে গুৰুত্বসহকাৰে অধ্যয়ন কৰি লক্ষ্যৰ দিশে আগবাঢ়িলে ছাত্র-ছাত্রীসকল সফল নােহােৱাকৈ নাথাকে।’ আজি বোকাখাতত মন্ত্ৰী অতুল বৰাৰ উদ্যোগত অনুষ্ঠিত ছাত্র-ছাত্রীৰ এক অভিনন্দন অনুষ্ঠানত এই মন্তব্য কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে।

বােকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্রী অতুল বৰাৰ উদ্যোগত আজি সদ্য ঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বােকাখাত সমষ্টিৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হােৱা প্রায় ৭০০ গৰাকী ছাত্র-ছাত্রীক অভিনন্দন জনােৱা হয়।

বােকাখাত নাট্য মন্দিৰত অনুষ্ঠিত অনুষ্ঠানটোত অংশগ্রহণ কৰি উপাচার্যগৰাকীয়ে কয় যে ছাত্র-ছাত্রীসকলকে পঢ়া-শুনাৰ লগতে সামাজিক দায়িত্বসমূহো পালন কৰিব লাগিব। একাংশ লােকে দেশত শিক্ষাগ্রহণ কৰি বিদেশলৈ গৈ সেৱা আগবঢ়োৱা বিষয়টোক সমালােচনা কৰি তেওঁ কয়, ‘সেয়া নিজ জাতিৰ প্রতি কর্তব্য পৰায়নতাৰ নিদর্শন হ’ব নােৱাৰে’। দেশৰ লগতে জাতিটোৰ প্রতি কাম কৰাটোহে প্ৰকৃত সমাজসেৱা।

অনুষ্ঠানত সমষ্টিটোৰ ৪১খন বিদ্যালয় আৰু ১০খন মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক মানপত্ৰ, গ্ৰন্থ আৰু গামোচাৰে অভিনন্দন জনোৱা হয়।

অভিনন্দন অনুষ্ঠানত মন্ত্রী অতুল বৰা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ দয়ানন্দ বৰগোহাঁই, গোলাঘাটৰ উপায়ুক্ত ধীৰেন হাজৰিকাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related News