NORTHEAST NOW (Assamese)
Popular Stories

গৱেষণা! নাৰী শৰীৰৰ এই বস্তুটোৰ গোন্ধ পালেই একেবাৰতে বহু কমি যায় পুৰুষৰ খং

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 4, 2024 10:48 am

এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে এগৰাকী মহিলাৰ চকুলোৰ গোন্ধে পুৰুষৰ আক্ৰমণাত্মক মনোভাৱ ম্লান কৰিব পাৰে। কন্দাকটাই যে উত্তপ্ত পৰিস্থিতি শান্ত কৰে, সেই কথাটো যেন কেতিয়াও এনেদৰে ভবা হোৱা নাছিল। এতিয়া সেই চিন্তাও মানুহৰ চৰ্চাৰ বৃত্তত প্ৰৱেশ কৰিলে।

গৱেষকসকলে কয় যে মহিলাৰ চকুলোৰ গোন্ধে পুৰুষৰ আক্ৰমণাত্মক মনোভাৱ কমেও ৪৪ শতাংশ হ্ৰাস কৰে! এই গৱেষণা PLOS Biology ত প্ৰকাশ পাইছে। ইয়াত কোৱা হৈছে যে পুৰুষৰ মগজুৰ যি অংশই তেওঁক আক্ৰমণাত্মক কৰি তোলে, নাৰীৰ চকুলোৰ গোন্ধে সেই অংশটোক দুৰ্বল কৰি তোলে।

স্তন্যপায়ী প্ৰাণীৰ ওপৰত কৰা অধ্যয়নত দেখা গৈছে যে চকুলোত থকা ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱ গভীৰ। মতা আৰু মাইকী এন্দুৰৰ চকুলোৰে আগতেও এনে পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। কিন্তু মানুহৰ কান্দোনৰ প্ৰভাৱ এতিয়ালৈকে স্পষ্ট হোৱা নাছিল। এতিয়া সেই গৱেষণাও কৰা হৈছে।

লগতে পঢ়কঃ ১১টা বলত ৬টা উইকেট হেৰুৱায় ভাৰতে! শাস্ত্ৰীৰ ধেমেলীয়া মন্তব্য শুনি হাঁহি ৰখাব নোৱাৰিব আপুনি

এই অধ্যয়নত মানুহে কিয় কান্দে তাৰো ব্যাখ্যা আগবঢ়াইছে। কোৱা হৈছে যে কান্দোন সম্ভৱতঃ পৰিস্থিতি শান্ত কৰাৰ এক জৈৱিক কৌশল। গৱেষণাৰ পৰা দেখা গৈছে যে আৱেগিক অশ্ৰুত আক্ৰমণাত্মকতা ৪৪ শতাংশ হ্ৰাস পায়! এই অধ্যয়নৰ মূল লক্ষ্য আছিল কান্দোনৰ পৰিস্থিতি শান্ত কৰা প্ৰভাৱ পৰীক্ষা কৰা।

এই গৱেষণাৰ বাবে গৱেষকসকলে ছয়গৰাকী মহিলাৰ চকুলো সংগ্ৰহ কৰিছিল। চকুলো সংগ্ৰহ কৰাৰ আগতে তেওঁলোকৰ পুৰুষ সংগীক ভিডিঅ’ গেম খেলিবলৈ দিয়া হৈছিল, যিয়ে তেওঁলোকৰ আক্ৰমণাত্মতাক আৰু অধিক ইন্ধন যোগায়।

যেতিয়া মহিলাসকলৰ  পুৰুষ সংগীয়ে ভিডিঅ’ গেম খেলিছিল গৱেষকসকলে স্ক্যানাৰৰ সহায়ত তেওঁলোকৰ মগজুৰ কাৰ্যকলাপ জুখিছিল। তেনে কৰাৰ সময়ত দেখা গ’ল যে যেতিয়া তেওঁলোকে সংগীৰ কান্দোনৰ গোন্ধ পাইছিল, অধ্যয়নত অংশগ্ৰহণ কৰা পুৰুষসকলৰ আক্ৰমণাত্মক আচৰণ ৪৩.৭ শতাংশ হ্ৰাস পাইছিল! ব্ৰেইন ইমেজিং পৰীক্ষাত দেখা গ’ল যে আক্ৰমণাত্মকতাৰ সৈতে জড়িত মগজুৰ অংশটোৱে কান্দোনৰ গোন্ধ লোৱাৰ পিছত ইয়াৰ কাৰ্যকলাপৰ মাত্ৰা কমি যায়।

আমেৰিকাৰ ৱাইজমেনছ ব্ৰেইন ছায়েন্সেছ বিভাগৰ বিজ্ঞানী তথা গৱেষণা পত্ৰখনৰ মুখ্য লেখক নোয়াম ছ’বেলে কয় যে চকুলোৱে মগজুৰ ঘ্ৰাণ ৰিচেপ্টৰ সক্ৰিয় কৰে আৰু আক্ৰমণাত্মকতা সম্পৰ্কীয় অংশটো নিষ্ক্ৰিয় কৰে। ফলত চকুলোত আক্ৰমণাত্মক আচৰণ  ক্ষেত্ৰত যথেষ্ট হ্ৰাস পায়’।

লগতে পঢ়কঃকাৰাগাৰতো জাতিৰ ভিত্তিত দিয়া হয় কাম! কেন্দ্ৰ আৰু ১১খন ৰাজ্যলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

এই অধ্যয়নত দেখা গৈছে যে কেনেকৈ চকুলোৰ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে জৈৱিক সংকেতৰ দ্বাৰা পুৰুষৰ আক্ৰমণাত্মক আচৰণ সলনি কৰিব পাৰি। গৱেষকসকলে প্ৰকাশ কৰিছে যে চকুলোৰ গোন্ধে টেষ্টোষ্টেৰন কমায়, আৰু টেষ্টোষ্টেৰন কম হ’লে মহিলাতকৈ পুৰুষৰ আক্ৰমণাত্মক আচৰণত অধিক প্ৰভাৱ পৰে!