• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰাগাৰতো জাতিৰ ভিত্তিত দিয়া হয় কাম! কেন্দ্ৰ আৰু ১১খন ৰাজ্যলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 4, 2024 9:10 am
উচ্চতম ন্যায়ালয়।

উচ্চতম ন্যায়ালয়।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ কাৰাগাৰত বন্দী হৈ থকা কয়দীসকলক জাতিৰ ভিত্তিত কামৰ ব্যৱস্থা কৰাৰ সন্দৰ্ভত বুধবাৰে (৩ জানুৱাৰী) উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই বিষয়ত এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ১১খন ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই আৱেদনত কাৰাগাৰত জাতিভিত্তিক বৈষম্য নিষিদ্ধ কৰাৰ লগতে বিভিন্ন জাতিৰ ভিত্তিত তেওঁলোকক হাতৰ কাম আবণ্টন দিয়া ৰোধ কৰিবলৈ নিৰ্দেশনা দিবলৈ আৱেদন জনোৱা হৈছিল।

উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে জ্যেষ্ঠ অধিবক্তা এছ মুৰলীধৰৰ যুক্তি বিবেচনা কৰি এই ১১ ৰাজ্যৰ জেল মেনুৱেলত জাতিভিত্তিক কামৰ আবণ্টনৰ অভিযোগৰ ভিত্তিত ৰাজ্যসমূহৰ পৰা প্ৰতিবেদন বিচাৰিছে।

জ্যেষ্ঠ অধিবক্তা মুৰলীধৰে কয় যে, “ক্ষুদ্ৰ জাতিৰ বন্দী আৰু অভ্যাসগত অপৰাধীক জেলত বেলেগ বেলেগ ব্যৱহাৰ কৰা হয়। ক্ষুদ্ৰ জাতিৰ বন্দীক বৈষম্য কৰা হয় আৰু তেওঁলোকৰ জাতি অনুসৰি কাম দিয়া হয়।”

Apply Now

লগতে পঢ়কঃ ভাৰত-দক্ষিণ আফ্ৰিকা: দ্বিতীয় টেষ্টৰ প্ৰথম দিনা ২৩টা উইকেটৰ পতন; ০ৰানত ভাৰতে হেৰুৱালে অন্তিম ৬ উইকেট

ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়কে ধৰি অন্যান্যক জাননী জাৰি কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক মহাৰাষ্ট্ৰৰ কল্যাণ নিবাসী সুকন্যা শান্তই দাখিল কৰা পিআইএলত উত্থাপিত বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ আদালতক সহায় কৰিবলৈ কয়।

ছলিচিটৰ জেনেৰেলে কয়, “মই জাতিভিত্তিক বৈষম্যৰ কথা শুনা নাই। কামৰ বিতৰণ সাধাৰণতে আণ্ডাৰট্ৰাইল আৰু দোষীৰ ওপৰত ভিত্তি কৰি কৰা হয়।”

আদালতৰ নিৰ্দেশত যিবোৰ ৰাজ্যলৈ এই জাননী জাৰি কৰা হৈছে, সেইবোৰ হৈছে উত্তৰ প্ৰদেশ, পশ্চিম বংগ, মধ্যপ্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, পঞ্জাব, ওড়িশা, ঝাৰখণ্ড, কেৰালা, তামিলনাডু আৰু মহাৰাষ্ট্ৰ। এই আটাইকেইখন ৰাজ্যলৈ জাননী জাৰি কৰাৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ে চাৰি সপ্তাহৰ পাছত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰিছে।

আজিও ৰাজস্থানকে ধৰি দেশৰ বহু কাৰাগাৰত ব্ৰিটিছ শাসনৰ জেল মেনুৱেল অনুসৰি কাম আবণ্টন দিয়া হয়। জেলত প্ৰৱেশ কৰা প্ৰতিজন অভিযুক্তক তেওঁৰ জাতিৰ বিষয়ে সোধা হয়। মানৱ অধিকাৰৰ সৈতে জড়িত এটা সংস্থাই দাবী কৰিছিল যে নিম্ন শ্ৰেণীৰ কয়দীসকলক শৌচাগাৰ আৰু কাৰাগাৰ চাফা কৰাৰ দৰে কাম দিয়া হয়।

লগতে পঢ়কঃহোটেলৰ কোঠাত হত্যা মডেলকঃ বিলাসী বাহনত উঠাই নি লুকুৱালে মৃতদেহ

প্ৰতিবেদন অনুসৰি জাতি শ্ৰেণীগত ভিত্তিত তলত থকাসকলে চাফাই কাম কৰে, আনহাতে উচ্চ শ্ৰেণীৰ লোকসকলে পাকঘৰ বা আইনী নথি বিভাগৰ কাম চম্ভালে। আনহাতে, ধনী আৰু প্ৰভাৱশালীসকলে কোনো কাম নকৰে। ব্ৰিটিছ যুগৰ মেনুৱেলত অতি কম সংশোধন কৰা হৈছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে বিভিন্ন ৰাজ্যৰ জেল মেনুৱেলত এতিয়াও এই ব্যৱস্থা অনুসৰণ কৰা হৈছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd