NORTHEAST NOW (Assamese)

গৱেষণাত প্ৰকাশ;  মানসিক স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ পেলাই বায়ু প্ৰদূষণে

November 19, 2020 5:04 pm · এন ই নাও নিউজ

বায়ু প্ৰদূষণৰ ফলত মানুহৰ জীৱনৰ পৰৱৰ্তী সময়ত মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে বুলি এক গৱেষণাত প্ৰকাশ পায়।

আমেৰিকাৰ গেৰিয়াট্ৰিকছ ছ’চাইটিৰ গৱেষণা পত্ৰত প্ৰকাশিত এক গৱেষণাত এই তথ্য পোহৰলৈ আহে।

গৱেষণাত ৮০ বছৰ বয়সৰ মহিলাৰ ওপৰত এই সমীক্ষা চলোৱা হৈছিল আৰু বায়ু প্ৰদূষণৰ ফলত এই মহিলা সকলৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰা বুলি প্ৰকাশ পায়।

বায়ু প্ৰদূষণৰ কবলত পৰা মহিলা সকলৰ অধিকাংশই অৱসাদমূলক ৰোগত ভোগা লক্ষণ প্ৰকাশ পায়।

গৱেষণাটোত প্ৰকাশিত তথ্য অনুসৰি বায়ু প্ৰদূষণৰ কবলত পৰা লোকসকলৰ ১০ বছৰ পাছত মানসিক স্বাস্থ্যত প্ৰভাৱ পৰে।

ইয়াৰ ফলত পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ উদ্বিগ্নতা, মানসিক অস্থিৰতাৰ লগতে স্মৃতি শক্তি লোপ পাই বুলিও গৱেষণা পত্ৰখনত উল্লেখ কৰা হয়।

উল্লেখযোগ্য যে, ভাৰতৰ ৰাজধানী নতুন দিল্লী ভয়াবহভাৱে বায়ু প্ৰদূষণৰ কবলত পৰিছে। বিগত বহু দিন ধৰি দিল্লীৰ বায়ুমণ্ডল গুণগত মানদত্ত বেয়া আৰু অতি বেয়া স্তৰতে আছে।

Related News