NORTHEAST NOW (Assamese)
অসম

কোন গ্ৰুপৰ তেজ শৰীৰত থাকিলে ষ্ট্ৰোকৰ আশংকা আটাইতকৈ বেছি? সন্ধান ওলাল গৱেষণাত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 16, 2023 7:34 pm

ষ্ট্ৰোক শব্দটো শুনিলেই মনত আতংকৰ সৃষ্টি হয়। হঠাতে এই মাৰাত্মক ৰোগটোৱে সন্ত্ৰাসবাদীৰ দৰে আক্ৰমণ কৰে। কিন্তু তেজৰ গ্ৰুপটো কি জানিলে আপোনাৰ ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা কিমান সেয়া জনাটো সম্ভৱ। গৱেষকসকলে এইটোৱেই দাবী কৰিছে। চিকিৎসক মহলো সেই গৱেষণাকলৈ আশাবাদী।

ধাৰণা কৰা হৈছে যে যদি এই বিষয়ত আৰু অধিক গৱেষণা হয়, তেন্তে ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰা তথা ইয়াক প্ৰতিৰোধ কৰাৰ উপায় বিচাৰি উলিয়াব পৰা যাব পাৰে।

লগতে পঢ়ক: চিচিলিত গ্ৰেপ্তাৰ ৩০ বছৰ ধৰি পলাতক ইটালীৰ ম’ষ্ট ৱান্টেড মাফিয়া সম্ৰাট মাট্টেও মেছিনা ডেনাৰোক

পিয়াৰ ৰিভিউ মেডিকেল জাৰ্ণেল নিউৰোলজীত প্ৰকাশিত এখন গৱেষণা পত্ৰত ইয়াৰ ওপৰত আলোকপাত কৰা হৈছে। সেই গৱেষণা পত্ৰত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ স্কুল অফ মেডিচিনৰ গৱেষকসকলে দাবী কৰিছে যে ৬০ বছৰৰ তলৰ  ‘A’ তেজ গ্ৰুপৰ লোকৰ ষ্ট্ৰোকৰ আশংকা সৰ্বাধিক। আনহাতে, যিসকলৰ তেজৰ গ্ৰুপ ‘O’ তেওঁলোকৰ বিপদাশংকা আটাইতকৈ কম।

গৱেষকসকলে ষ্ট্ৰোক হোৱা প্ৰায় ১৭ হাজাৰ ৰোগীৰ ওপৰত ৪৮ প্ৰকাৰৰ জিন পৰীক্ষা কৰিছিল। সকলো অংশগ্ৰহণকাৰীৰ বয়স ১৮ ৰ পৰা ৫৯ বছৰৰ ভিতৰত আছিল। ইয়াত দেখা গৈছিল যে ৬০ বছৰৰ তলৰ লোক যাৰ তেজৰ গ্ৰুপ  ‘A’ আছিল তেওঁলোকৰ ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ১৬ শতাংশ বেছি আছিল। আনহাতে, ‘O’ গ্ৰুপৰ বাবে ষ্ট্ৰোকৰ আশংকা ১২ শতাংশ কম।

কিন্তু এই বিপদাশংকা কিয় বেলেগ বেলেগ হয়? গৱেষণা পত্ৰখনৰ অন্যতম লেখক নিউৰোলজিষ্ট ষ্টিভেন কিটনাৰে কৈছে যে গৱেষকসকল এতিয়াও এই ধাৰণাত নাই। “আমি এতিয়াও নাজানো কিয়  ‘A’ গ্ৰুপৰ ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। কিন্তু সম্ভৱতঃ তেজ গোট মৰাৰ সম্ভাৱনাই ইয়াত এটা ভূমিকা পালন কৰি আছে। তেজত মাইক্ৰ’চাইকল, কোষৰ দৰে তেজত থকা প্ৰ’টিন, সেই সকলোবোৰৰ এক ভূমিকা আছে। “

উল্লেখ্য যে ৰক্তনলীবোৰৰ জৰিয়তে মগজুলৈ তেজ প্ৰবাহিত হয়। কিন্তু যদি ৰক্তনলীটো কোনো প্ৰকাৰে বিস্ফোৰিত হয় বা গোট মাৰে, তেতিয়া ষ্ট্ৰোক হয়। তেনে ক্ষেত্ৰত আক্ৰান্তজনক যিমান সোনকালে চিকিৎসালয়লৈ লৈ যোৱা সম্ভৱ তাৰ ওপৰতে ৰোগীৰ চিকিৎসালয়ৰ পৰা ডিচচাৰ্জৰ কথাটো নিৰ্ভৰ কৰে।

লগতে পঢ়ক: ‘ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়াত চৰকাৰক অন্তৰ্ভুক্ত কৰক’:দেশৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ ৰিজিজুৰ

যদিহে তেজৰ গ্ৰুপৰ সৈতে ষ্ট্ৰোকৰ আশংকাৰ বিষয়ে অধিক তথ্য সঁচাকৈয়ে উপলব্ধ হয় তেনেহ’লে ভৱিষ্যতে এই ৰোগ প্ৰতিৰোধ কৰাৰ এটা উপায় ওলাব পাৰে বুলিয়েই সংশ্লিষ্ট মহলে ধাৰণা কৰে।