NORTHEAST NOW (Assamese)
দেশ

নিজেই ৰোধ কৰিছিল নিজৰ বাল্য বিবাহ : SSC ত উজ্জ্বলিল এইগৰাকী যুৱতী

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক April 14, 2024 8:50 pm

নিজৰ বাল্যবিবাহ ৰোধ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী সাহসী যুৱতী। কেৱল নিজৰ সাহসৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰৰ সহায়ত এইবাৰ ইণ্টাৰমিডিয়েট উত্তীৰ্ণ হয় এছ নিৰ্মলা নামৰ যুৱতীগৰাকী। ৪৪০ নম্বৰৰ ভিতৰত মুঠ ৪২১ নম্বৰ লাভ কৰে উক্ত পৰীক্ষাত।

এছ নিৰ্মলাৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ কুৰ্ণুলৰ এখন সৰু গাঁও হৰিবানামত। যোৱা বছৰ তেওঁ ৫৩৭ নম্বৰ লৈ এছ এছ চি উত্তীৰ্ণ হৈছিল। তেওঁৰ জীৱন কাহিনী ছবিৰ চিত্ৰনাট্যৰ দৰে। ইতিমধ্যে তেওঁৰ পিতৃ-মাতৃয়ে তিনিগৰাকী ভগ্নীক বিয়া দিছে। পঢ়া-শুনাৰ খৰচ আৰু বহন কৰিব নোৱাৰাৰ বাবে নিৰ্মলাকো বিয়া দিব খুজিছিল পিতৃ মাতৃয়ে।
কিন্তু নিৰ্মলা বিয়াত নবহিল। তেওঁ আৰু পঢ়িব বিচাৰে বুলি ক’লে। তেওঁ পোনে পোনে স্থানীয় বিধায়ক শইপ্ৰসাদ ৰেড্ডীৰ ওচৰলৈ গ’ল। তেওঁ ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিৰ বিধায়ক।

নিৰ্মলাৰ সাহস, অধ্যৱসায় আৰু পঢ়াৰ হেঁপাহ জানি তেওঁৰ বিধায়কজনে এক মুহূৰ্তৰ বাবেও পলম নকৰিলে। প্ৰশাসনৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিলে। প্ৰশাসনে বাল্য বিবাহৰ পৰা ৰক্ষা কৰি নিৰাপত্তা দিলে নিৰ্মলাক। তাৰপিছত চৰকাৰী সাহাৰ্য্যৰে পঢ়া শুনা কৰি উজ্বলি উঠিল নিৰ্মলা।

জানিব পৰা মতে ভৱিষ্যতে এগৰাকী আই পি এছ বিষয়া হোৱাৰ সপোন দেখিছে এছ নিৰ্মলাই।