NORTHEAST NOW (Assamese)
অসম

শিশুসকলৰ প্ৰতিভাৰ চানেকীৰে সামৰণি পৰিল বিশ্বনাথৰ শিশু সমাৰোহ

Posted by: কাজি জেইদুল ইছলাম February 20, 2019 10:43 pm
শিশুসকলৰ প্ৰতিভাৰ চানেকীৰে সামৰণি পৰিল বিশ্বনাথৰ শিশু সমাৰোহ

আধাতে স্কুলীয়া শিক্ষা সামৰা ছাত্ৰ-ছাত্ৰী সকলক পুনৰ বিদ্যালয়লৈ ঘুৰাই অনাৰ উদ্দেশ্যৰে আৰু বিভিন্ন প্ৰান্তত থকা শিক্ষাৰ্থী সকলৰ প্ৰতিভা বিকাশৰ বাবে আজি বিশ্বনাথত জিলাভিত্তিক শিশু সমাৰোহ অনুষ্ঠিত কৰা হয়। বিশ্বনাথ মহাবিদ্যালয়ৰ কমলাকান্ত ভট্টাচাৰ্য্য প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা জিলা ভিত্তিক সমাৰোহখনত বিশ্বনাথ জিলাৰ প্ৰায় ৪০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

সৰ্বশিক্ষা অভিযানৰ অংশস্বৰূপে আয়োজন কৰা শিশু সমাৰোহখন ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সংগীত, চিত্ৰাংকন, কুইজ, নৃত্য আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হয়।

আনহাতে, সমাৰোহৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকলে অংশগ্ৰহণ কৰে। সভাত সভাপতিত্ব কৰে বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক প্ৰদীপ সূত্ৰধৰে।