NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ বালাপেটত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ সামৰণি

Posted by: ইয়াছিন আলী October 16, 2018 12:13 pm
animal health camp

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ সমিপৱৰ্তী বৰপেটা জিলাৰ চকচকা ৰাজহ চক্ৰৰ অন্তৰ্গত বালাপেট গাঁৱৰ শংকৰ মন্দিৰ প্ৰাংগণত আজি এক বিনামূলীয়া পশু চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।

জানিব পৰা মতে স্বচ্ছ আৰু সেউজ গাঁও বালাপেট উন্নয়ন সমিতিৰ উদ্যোগত আৰু বৰপেটা জিলা পশুপালন ও পশু চিকিৎসা বিষয়া ডাঃ মনোৰঞ্জন দাসৰ লগতে সৰভোগ পশু চিকিৎসালয়ৰ বিষয়া ডাঃ ৰাজীৱ ৰায় চৌধুৰীৰ তত্বাৱধানত এই পশু চিকিৎসা শিবিৰটো অনুষ্ঠিত হয় ।

এই শিবিৰত বালাপেট গাঁৱৰ সহস্ৰাধিক পৰিয়ালৰ গৰু-ছাগলীৰ লগতে অন্যান্য পোহনীয়া পশুক বিনামূলীয়াকৈ প্ৰতিষেধক চিটা প্ৰদান কৰা হয়। লগতে এই গাঁও খনত নতুনকৈ এখন পশু চিকিৎসালয় স্থাপন কৰাৰ উদ্দেশ্যে গাঁৱখনৰ পশ্চিম দিশত থকা গো – ৰিজাৰ্ভৰ মাটি পৰিদৰ্শন কৰে জিলা পশুপালন ও পশু চিকিৎসা বিষয়া ডাঃ মনোৰঞ্জন দাসে।

বৰপেটা জিলাৰ পশ্চিম সীমান্তত থকা এই গাঁওখনত এখন পশু চিকিৎসালয় স্থাপনৰ খবৰ পোৱাৰ পিছৰে পৰা উৎফুল্লিত হৈ পৰিছে বালাপেট বাসী ৰাইজ।

উল্লেখ্য যে যোৱা ২৪ ছেপ্তেম্বৰ ২০১৮ ইং তাৰিখে অসম চৰকাৰ আৰু জিলা প্ৰশাসনৰ ফালৰ পৰা বালাপেট গাঁৱখন স্বচ্ছ আৰু সেউজ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু তেতিয়াৰ পৰাই গছপুলি ৰোপন, গাঁৱৰ প্ৰতি ঘৰে ঘৰে গৈ খোৱা পানী পৰীক্ষণ, বিনামূলীয়া পশু চিকিৎসা শিবিৰ আদি  চৰকাৰী ভাৱে অনুষ্ঠিত কৰি থকাৰ লগতে গাঁও খনত এখন পশু চিকিৎসালয় স্থাপনৰ ব্যৱস্থা হাতত লোৱা বাবে অসম চৰকাৰ তথা জিলা প্ৰশাসনক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে স্থানীয় ৰাইজে।