NORTHEAST NOW (Assamese)
অসম

চৰকাৰ আহে চৰকাৰ যায়, অভয়াপুৰীৰ শৌলমাৰীত নুগুচে বাঁহৰ দলং

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী May 31, 2019 3:38 pm
Successive govts fail to give a permanent bridge over Pokamari river in Assam's Abhayapuri

চৰকাৰ আহে আৰু যায়, কিন্তু বঙাইগাওঁ জিলাৰ অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শৌলমাৰীত নুগুচে এখন বাঁহৰ দলং।

কংগ্ৰেছৰ দীৰ্ঘদিনৰ শাসন বৰ্তমানো চলি আছে সমষ্টিটোত, এতিয়া বিধায়ক কংগ্ৰেছৰে আব্দুল হাই নাগৰি। পূৰ্বে অঞ্চলবাসীয়ে চাৰিবাৰকৈ জিকাইছিল অগপৰ ভূপেন ৰয়ক।

কিন্তু পোকামাৰী নৈৰ ওপৰৰ দলংখন একে আছে। বিধায়কে সদায় চাই আছো চাই আছো বুলি কৈয়ে আছে।

এইখন সাঁকোৰ ওপৰেদিয়ে প্ৰায় ১০/১২খন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰে। প্ৰায় ২৫-৩০খন গাঁৱৰ ৰাইজৰ যাতায়াত চলে এই দলঙৰ ওপৰেদি।

দলংখনৰ এটা পাৰত এখন সাপ্তাহিক বজাৰো আছে। এই দলঙৰ ওপৰেদিয়ে ব্যৱসায়ীয়ে মাল-বস্তু পাৰ কৰিব লগা হয়।

বাৰিষা নদীৰ পানীয়ে দলংখন উটাই নিলে বন্ধ হৈ পৰে দুয়োপাৰৰ ৰাইজৰ জীৱন। বিদ্যালয়লৈ যাব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকল।

আৰু খবৰ মতে প্ৰতি বছৰে সাঁকোখন  নিৰ্মাণ কৰা হয় ৰাইজৰ গাঁঠিৰ ধনেৰে। প্ৰতিবছৰ নিৰ্মাণত ব্যয় হয় একৰ পৰা ডেৰ লাখ টকা।

স্থানীয় যুৱক ইয়াছিন আলীয়ে জনোৱা মতে কামৰ কথাটো নাহেই, ভোটৰ পিছত জনপ্ৰতিনিধিৰ মুখ দৰ্শন কৰিবলৈ আকৌ পাঁচ বছৰ বাট চাব লাগে ৰাইজে।

ৰাজ্য আৰু কেন্দ্ৰ দুয়ো চৰকাৰৰে নেতৃত্বত থকা বিজেপিৰ দিনত নিৰ্মাণ হ’বনে এখন স্থায়ী দলং?