NORTHEAST NOW (Assamese)
অসম

মাজুলীত খহনীয়া প্ৰতিৰোধী জিঅ’ বেগ চুৰি কাণ্ড; দুজনক গ্ৰেপ্তাৰ

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ May 31, 2019 3:32 pm
IMG-20190531-WA0023

নদীদ্বীপ মাজুলীত এইবাৰ সংঘটিত হৈছে জিঅ’ বেগ চুৰি কাণ্ড। নদী পাৰৰ বালিত পুতি থোৱা অবস্থাত উদ্ধাৰ কৰা হয় খহনীয়া প্রতিৰোধৰ বাবে অনা জিঅ’ বেগসমূহ ।

মাজুলী বাসী জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ বাবে অনা জিঅ’ বেগ চুৰিৰ ঘটনা সংঘটিত হৈছে মাজুলীৰ শালমৰাত। ঘটনা অনুসৰি  বৃস্পতিবাৰে এ এচ ০৩ বিচি ০১৬০ নম্বৰৰ এখন পিক আপ ভ্যান গাড়ী চালক ৰাজীব শইকীয়া আৰু মহৰি মনোজ বৰাই শালমৰাত সংৰক্ষিত কৰি থোৱা জিঅ’ বেগ নিবলৈ আহে।

কোনো কাগজ পাতি অথবা কতৃত্ব নোহোৱাকৈ খহনীয়া প্রতিৰোধৰ বাবে ৰখা বেগ সমুহ এনেদৰে নিবলৈ অহাত স্থানীয় লোকে বাধা দি দুয়োকে বনগাঁও আৰক্ষীৰ হাতত গটাই দিয়ে।

আনহাতে, ঘটনাৰ পম খেদি বনগাঁও থানাৰ আৰক্ষীয়ে শালমৰা অঞ্চলত এনে ধৰণৰ  অনৈতিক কাৰ্য্য ৰোধ কৰাৰ বাবে অভিযান চলায়। অভিযান কালত ১৬০টা জিঅ’ বেগ আৰু ১৬টা ব্রহ্মপুত্ৰ বোৰ্ডৰ বেগ নদীৰ পাৰৰ বালিত পুতি থোৱা অবস্থাত উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে ।

খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগসমূহ এনেদৰে চুৰি হোৱাৰ পাছত উদ্ধাৰ হোৱা ঘটনাই সমগ্র মাজুলীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাসন্দৰ্ভত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি গাড়ী চালক ৰাজীব বৰা আৰু মহৰি মনোজ শইকীয়াক কাৰাগাৰলৈ প্রেৰণ কৰাৰ লগতে পিক আপ ভ্যানখন জব্দ  কৰে।