NORTHEAST NOW (Assamese)

হঠাৎ সাহিত্যিক-বুদ্ধিজীৱী ড০ নগেন শইকীয়াৰ বাসগৃহত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

October 11, 2020 8:08 pm · কল্পজ্যোতি শইকীয়া

ৰাজ্যত নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ৰাজনৈতিক কুচ-কাৱাজ চলাই থকাৰ মাজতে আজি হঠাৎ বিশিষ্ট সাহিত্যিক-বুদ্ধিজীৱী তথা অসম জাতীয় পৰিষদৰ পৰামৰ্শদাতা কমিটিৰ উপদেষ্টা ড০ নগেন শইকীয়াক সাক্ষাৎ কৰিলে দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক বৈঠকত অংশগ্ৰহণ কৰাৰ পাছত ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰৰ বৰ্ণমালাস্থিত বাসগৃহত উপস্থিত হয় মন্ত্ৰীগৰাকীয়ে। ইয়াক লৈ এতিয়া তীব্ৰ চৰ্চাৰ সৃষ্টি হৈছে।

ড০ শইকীয়াক সাক্ষাৎ কৰি আহি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় ‘ছাৰৰ সৈতে প্ৰায়ে মই সম্পৰ্কত থাকো। বহুদিনৰ পৰা কথা আছিল যে এবাৰ ছাৰৰ ঘৰত আহিম। সময় পোৱা নাছিলো আজি আহি মাত এষাৰ দিলো। কোনোধৰণৰ ৰাজনীতি নহয়, অকল পঢ়া-শুনাৰ কথা আলোচনা হৈছে।‘

ইপিনে, নতুন ৰাজনৈতিক দলৰ পৰামৰ্শদাতা কমিটিৰ উপদেষ্টা হিচাপে ড০ শইকীয়া যিহেতু আছে সেই সম্পৰ্কে কিবা আলোচনা হৈছে নেকি বুলি মন্ত্ৰীগৰাকীক সাংবাদিকে সোধাত তেওঁ কয় ‘নাই নাই, সেইবোৰ কথা পতাও উচিত নহয়। এইবোৰ কথা উল্লেখ কৰাও উচিত নহয়। ছাৰৰ লগত মোৰ সম্পৰ্ক ষষ্ঠ-সপ্তম শ্ৰেণীৰ পৰা। গতিকে মাত এষাৰ দিলো।‘

আনহাতে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰায় আধা ঘন্টা আলোচনাত বহাৰ পাছত ড০ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় ‘তেওঁ আহিম বুলি খবৰ দিলে আৰু এবাৰ লগ পাব খোজে বুলি ফোনতে ক’লে। কোনো ৰাজনৈতিক কথা পতা হোৱা নাই। মই কেৱল কৈছো তোমালোকে কাম কৰিছা কিন্তু অসমীয়াত্বটো যাতে ৰক্ষা কৰিব পাৰি সেইটোৰ কাৰণে যত্ন কৰিব লাগে। তেওঁ ক’লে আপুনি চিন্তা কৰিব নালাগে আমি অসমৰ স্বাৰ্থ ৰক্ষা কৰিম।ৰাজনৈতিক বক্তব্য ইমানেই আছিল। তাৰ পাছত তেওঁ অন্য কথা-বতৰা পাতিলে। ল’ৰা-ছোৱালীৰ পঢ়া শুনা, তেওঁৰ কিতাপৰ কথাও ক’লে মোৰ কিতাপৰ কথাও ক’লে।‘

ইপিনে, সংবাদ মাধ্যমৰ জৰিয়তে আঞ্চলিক দল সমূহক ঐক্যবদ্ধ হ’বলৈ পৰামৰ্শ দিয়ে ড০ নগেন শইকীয়াই।

Related News