NORTHEAST NOW (Assamese)

টীয়কৰ জাঁজীমুখত সুধাকন্ঠ দিৱস উদযাপন

November 5, 2021 3:58 pm · নিৰ্মলেন্দু পাঠক, টীয়ক

যোৰহাট জিলাৰ টীয়কৰ বানেধোৱা তথা এশ এবুৰি সমস্যাৰে জৰ্জৰিত জাঁজীমুখত সামাজিক সন্থা “বিন্দু “ৰ উদ্যোগত তথা সমূহ ৰাইজৰ সহযোগত জাঁজীমুখ ফুকনবাৰী কৃষ্টি কেন্দ্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে সুধাকন্ঠ দিৱস।

বিশ্ব বৰেণ্য শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰি পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণৰ লগতে অঞ্চলটোৰ ছাত্ৰ- ছাত্ৰীসকলৰ শৈক্ষিক দিশত সহায়ক হোৱাকৈ এখন আলোচনা চক্ৰও আয়োজন কৰা হয়। উক্ত অনুষ্ঠানতে অঞ্চলৰ কেইবাগৰাকীও কৃতীমান ছাত্ৰ- ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয়।

কাৰ্যসূচীৰ সমান্তৰালকৈ সুধাকন্ঠৰ অমৰ সৃষ্টিৰাজি বহু চিৰ সেউজ গীত পৰিবেশন তথা নৃত্যৰে পৰিবেশ জীপাল কৰি তোলে শিল্পীসকলে।

থলুৱা শিল্পীৰ দ্বাৰা এক বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুস্থিত কৰা হয়।

পিছপৰা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলক এখন সাংস্কৃতিক মঞ্চ তথা বিশ্ব বিখ্যাত শিল্পীগৰাকীৰ অপূৰ্ব সৃষ্টিৰ সৈতে চিনাকী কৰোৱাৰ অৰ্থে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰিছে উদ্যোক্তামণ্ডলীয়ে।

Related News