গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিক তথা হাৱাজান বুনিয়াদৰ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালা–২০২৬-ৰ অংশ হিচাপে ১৬ জুলাই, বৃহস্পতিবাৰে গহপুৰ বিধানসভা সমষ্টিৰ হাৱাজানত সত্ৰীয়া নৃত্য আৰু নাটকৰ কৰ্মশালাৰ শুভাৰম্ভ হয়।
হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত প্ৰয়াত লক্ষীৰাম বৰা আৰু সুশীলা বৰা প্ৰেক্ষাগৃহত বিশিষ্ট সমাজকৰ্মী ৰামেশ্বৰ বৰুৱাই বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰা উক্ত কৰ্মশালাখন উদ্বোধন কৰে গহপুৰ (চক্ৰ বিষয়া)ৰ ভাৰপ্ৰাপ্ত সমজিলা আয়ুক্ত চম্পক ডেকাই।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা আৰু সংস্কৃতি কেন্দ্ৰৰ শিক্ষয়িত্ৰী তথা প্ৰচাৰ ভাৰতী দূৰদৰ্শন, গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী সংগীতা বৰাৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা উক্ত কৰ্মশালাত সহ-প্ৰশিক্ষক হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ সত্ৰীয়া নৃত্যৰ স্নাতকোত্তৰ তথা প্ৰচাৰ ভাৰতী দূৰদৰ্শন, গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী কৰিশ্মা বৰাই সহযোগী হিচাপে শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব।
উদ্বোধনী ভাষণত চম্পক ডেকাই নিজৰ সংস্কৃতি আৰু ঐতিহ্যক নতুন প্ৰজন্মৰ মাজলৈ কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত এনে কৰ্মশালাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰে।
কৰ্মশালাৰ তত্ত্বাৱধায়ক সংগীতা বৰাই উল্লেখ কৰে যে, “সত্ৰীয়া নৃত্য আৰু নাটক কেৱল মাত্ৰ পৰিৱেশ্য কলা নহয়, ই আমাৰ ঐতিহ্য, মূল্যবোধ আৰু সংস্কৃতিৰ এক জীৱন্ত প্ৰকাশ। এই কৰ্মশালাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলৰ মাজত নিজৰ সংস্কৃতিৰ প্ৰতি ভালপোৱা, শৃংখলা আৰু আত্মবিশ্বাস অধিক বিকশিত হ’ব বুলি মোৰ বিশ্বাস।”
হাৱাজান বুনিয়াদৰ স্থায়ী সভাপতি সৌমিত্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত হাৱাজান শাখা লেখিকা সমিতিৰ সভানেত্ৰী, হাৱাজান শাখা সাহিত্য সভাৰ সভাপতি, পূব ছয়দুৱাৰ আঞ্চলিক পৰিষদৰ সদস্য প্ৰশান্ত বৰা, পূব ছয়দুৱাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী লীলাৱতী বৰা সমন্বিতে হাৱাজান বুনিয়াদৰ সদস্য, বিশিষ্ট সমাজ তথা সাংস্কৃতিক কৰ্মীসকল উপস্থিত থাকে।
অৰ্ধশতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাত অংশগ্ৰহণকাৰীসকলে পৰম্পৰাগত কলাৰ ব্যৱহাৰিক আৰু তাত্ত্বিক দিশসমূহৰ প্ৰশিক্ষণ লাভ কৰিব।